বিজেপি সাংসদৰ কনভয়ক বাট এৰি দিয়াৰ বাবে আবদ্ধ কৰি ৰখা হৈছিল নেকি এম্বুলেন্স? একেটা ভিডিঅ’ই কিয় ভাইৰেল হৈছিল মে’ মাহত? সঁচা কি… VIDEO

বিজেপি সাংসদৰ কনভয়ক বাট এৰি দিয়াৰ বাবে আবদ্ধ কৰি ৰখা হৈছিল নেকি এম্বুলেন্স? একেটা ভিডিঅ’ই কিয় ভাইৰেল হৈছিল মে’ মাহত? সঁচা কি… VIDEO

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ'টোত প্ৰত্যক্ষ হোৱা অনুসৰি এখন এম্বুলেঞ্চ অৱৰোধ কৰি ৰাখিছে আৰক্ষীয়ে। য'ত এটি শিশুৱে জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত এম্বুলেঞ্চৰ ভিতৰতে মৃত্যু মুখত পৰে।

ছ'চিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে হাজাৰোধিক লোকে শ্বেয়াৰ কৰা এই ভিডিঅ'টোত দাবী কৰা হৈছে যে বিজেপি নেতা মনোজ তিৱাৰীৰ কনভয়ক ৰাস্তা দিয়াৰ বাবেই তেনেদৰে অৱৰোধ কৰি ৰখা হয় এম্বুলেন্স আৰু অন্যান্য যানবাহন সমূহ। যাৰ ফলত এম্বুলেন্সৰ ভিতৰত জীৱন মৃত্যুৰে যুঁজি থকা শিশুটিৱে প্ৰাণ হেৰুৱাব লগা হয়।

ৰাম প্ৰসাদ শৰ্মা নামৰ ফেচবুক ইউজাৰজনে প্ৰথমে এই ভিডিঅ'টো পোষ্ট কৰি কেপশ্যনত লিখিছে- 'বিজেপি সাংসদ মনোজ তিৱাৰীৰ বাবে দিল্লী আৰক্ষীয়ে এম্বুলেন্স অৱৰোধ কৰিছে, …এম্বুলেন্সৰ ভিতৰত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দিয়া এটি শিশুৱে অৱশেষত প্ৰাণ ত্যাগ কৰিলে! আজি আপুনি যদি এই ভিডিঅ'টো শ্বেয়াৰ নকৰে তেন্তে আপোনাৰ সৈতেও এনেকুৱা হ'ব পাৰে। হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ এৰি দিয়ক অথৱা এই ভিডিঅ'টো সকলোকে প্ৰেৰণ কৰক। আপুনি কি কৰে সেয়া আপোনাৰ ইচ্ছা।'

https://www.facebook.com/100033880252744/videos/172588323880508/

ছ'চিয়েল মিডিয়াত সহস্ৰাধিক লোকে শ্বেয়াৰ কৰা আৰু লক্ষাধিক লোকে মন্তব্য দিয়া এই ভিডিঅ'টো প্ৰকাশ পোৱাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিডিঅ'টোত দাবী কৰা অনুসৰিয়েই সকলোৱে নেতা-মন্ত্ৰীৰ কনভয়ৰ বাবে এনেদৰে আৰক্ষীয়ে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে বিভিন্নজনে। আনকি বিজেপি সাংসদ মনোজ তিৱাৰীৰ বিৰুদ্ধে শিশুটিৰ হত্যাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাবলৈও দাবী জনোৱা হয়।

ফেচবুকৰ লগে লগে টুইটাৰতো 'গৌৰৱ-আইএনচি' (GAURAV-INC) নামৰ টুইটাৰ একাউন্টৰ জৰিয়তে শ্বেয়াৰ কৰা হৈছে এই ভিডিঅ'টো। ভিডিঅ'টোত ১৩০০ জনে ৰি-টুইট কৰে আৰু দুই হাজাৰৰো অধিক লোকে লাইক কৰে। অৱশ্যে ভিডিঅ'টো পিছত ডিলিট কৰি দিয়ে টুইটাৰ একাউন্টধাৰীয়ে।

কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ'টো কিমান সত্য? ইণ্ডিয়া টুডেৰ এন্টি ফেক নিউজ ৱাৰ ৰুম চমুকৈ এএফডব্লিউএ-ৰ দাবী অনুসৰি এই ভিডিঅ'টো বৰ্তমানৰ নহয়। এই ভিডিঅ'টো ২০১৭ চনত মালেছিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁৰ কনভয়ক বাট এৰি দিয়াৰ সময়ৰ বুলি দাবী কৰিছে এএফডব্লিউএ-য়ে।

'হিন্দুস্তান টাইমছ' নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি অনুসৰি, এই ভিডিঅ'টো ২০১৭ চনৰ ১ এপ্ৰিলত দিল্লীৰ ৰাজঘাটৰ ফ্লাই অভাৰৰ সমীপত ৰেকৰ্ডিং কৰা হৈছিল। সেই সময়ৰ মালেয়েছিয়াৰ প্ৰধানমন্ত্ৰী নজীৱ ৰজাকে দিল্লীলৈ অহাৰ সময়ত তেওঁৰ কনভয়ক বাট দিয়াৰ বাবে এনেদৰে আবদ্ধ কৰা হৈছিল অন্য যান বাহন। য'ত এখন এম্বুলেন্স আবদ্ধ হৈ পৰিছিল। এম্বুলেন্সখনৰ ভিতৰত সংকটজনক অৱস্থাত আছিল এটি শিশু।

'টাইমছ অৱ ইণ্ডিয়া'ৰ বাতৰি মতে, সেই সময়ত এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিল প্ৰীত নৰুলা নামৰ এগৰাকী বেংক কৰ্মচাৰীয়ে। নৰুলাৰ ভিডিঅ'টোত প্ৰকাশ কৰিছিল যে সংকটজনক অৱস্থাত এটি শিশুক চিকিৎসাৰ বাবে হাৰিয়ানাৰ চনীপটৰ পৰা দিল্লীলৈ অনাৰ সময়তে এনেদৰে আবদ্ধ হৈ পৰিছিল। আনহাতে আৰক্ষীৰ তৎপৰতাত কিছু সময় পিছতে এম্বুলেন্সক বাট দি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি সেই সময়তে মন্তব্য কৰিছিল এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই।

ইফালে, শেহতীয়াকৈ সেই ভিডিঅ'টোৱে মনোজ তিৱাৰীৰ কনভয়ৰ বাবে সংঘটিত হোৱা বুলি ভুৱা টুইট কৰা 'গৌৰৱ- আইএনচি' নামৰ টুইটাৰ একাউন্টৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিছে বিজেপি সাংসদ মনোজ তিৱাৰীয়ে। মনোজ তিৱাৰীয়ে সেয়া ভুৱা অপপ্ৰচাৰ বুলি দাবী কৰাৰ পিছতে টুইটাৰ একাউন্টধাৰীজনে ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে, এই একেটা ভিডিঅ'ই মে' মাহতো ভাইৰেল হৈ পৰিছিল। সেইবাৰ ৰাহুল গান্ধীৰ কনভয়ক বাট এৰি দিয়াৰ বাবে আৰক্ষীয়ে এম্বুলেন্স ৰখাই থোৱা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছিল ছ'চিয়েল মিডিয়াত। কিন্তু এএফডব্লিউএ আৰু অন্য সংবাদ মাধ্যমে তেতিয়া সেই দাবী খাৰিজ কৰাত তল পৰিছলি বিষয়টো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in