চেণ্ডেলেৰে লোৱা এখন ছেলফী, চৰ্চা হৈছে বলিউদতো…

চেণ্ডেলেৰে লোৱা এখন ছেলফী, চৰ্চা হৈছে বলিউদতো…

'জীৱন জিন্দাবাদ'। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিশেষ ফটো। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ফটোখনক লৈ এতিয়া ব্যাপক চৰ্চা। আনকি বিগ বি আৰু অনুপম খেৰেও চেয়াৰ কৰিছে এই ফটোখন। এই বিশেষ ফটোখনক লৈ 'অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ'ৰ বিশেষ প্ৰতিবেদন…

সুখ এক স্বৰ্গীয় অনুভূতি। ধন-সোণ অথবা সা-সম্পত্তিৰ মাজত প্ৰকৃত সুখ নাথাকে। কিছুলোক অজস্ৰ ধন-সম্পত্তিৰ গৰাকী হৈয়ো অশান্তিত জীৱন পাৰ কৰে আৰু তাৰ পৰিৱৰ্তে কিছুলোকে দুবেলা দুমুঠি কোনোমতে খাই জীৱনটো সুখত যাপন কৰে। আঁচলতে আত্মসন্তুষ্টিয়েই মানুহক সুখ দিয়ে। জীৱনটোক লৈ যদি কোনো লোক সন্তুষ্ট,তেন্তে তেওৰ জীৱন সুখৰ হোৱাটো নিশ্চিত।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে এখন ফটো। ফটোখন কোনে,কত, কেতিয়া তুলিছে এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য নাই। কিন্তু ছবিখন দেখাৰ লগেই লগেই সকলোৰে মনলৈ এটাই বাক্য আহিব ' জীৱন জিন্দাবাদ'।

বিশেষ ফটোখন..
বিশেষ ফটোখন..

অসমৰ লগতে সমগ্ৰ দেশতে ভাইৰেল হৈছে এই বিশেষ ফটোখন। ফটোখনত এযোৰ চেণ্ডেলেৰে ছেলফী লৈছে ৫ টা শিশুৱে। সকলোৰে মুখত নিভেৰ্জাল একো একোটা হাঁহি। ছেলফী পজ দি সকলোৱে চাইছে ৫ জনীয়া দলটোৰে এজনে ধৰি থকা ফোনৰূপী চেণ্ডেলপাতৰ ফালে। ৫টা শিশুৱে এনেকৈ ছেলফী পজ' দিছে যে সেই পজ' এটা ফোনেৰে ছেলফী সঁচাকৈ লোৱা পজ'তকৈ কোনোগুণে ক'ম নহয়। ছচিয়েল মিডিয়াত এই ফটোখন বিভিন্ন লোকে আপলড কৰিছে। আপলড কৰা এখন ফটোত এজনে কমেন্ট কৰিছে যে ' এয়া সৰলতা, যান্ত্ৰিকতাৰ মাজত নিজকে খাপ খোৱাবলৈ কৰা আখৰা'। অন্য এজনে কমেন্ট কৰিছে যে ' হিংসা,অহংকাৰ কাক কয় বুজি নোপোৱা দিনৰ এখন সুন্দৰ ফটো'।

ফেচবুকৰ কমেন্ট …
ফেচবুকৰ কমেন্ট …

কেৱল অসমতে নহয় এই ফটোখনে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বলিউদত। বলিউদদ বহু আগশাৰীৰ অভিনেতাই এই ফটোখন ছচিয়েল মিডিয়াত চেয়াৰ কৰিছে। বিগ বি অমিতাভ বচ্ছনৰ পৰা আদি কৰি অনুপম খেৰৰ লৈকে সকলোৱে এই ফটোখনক লৈ কৰিছে মন্তব্য। বলিউদৰ বিশিষ্ট অভিনেতা অনুপম খেৰে এই ফটোখন টুইটাৰত আপলড দি লগত লিখিছে ' এখন ছবি হাজাৰটা শব্দৰ অৰ্থ বহন কৰে, এই ছবিখন তাৰেই প্ৰমাণ। আচলতে নিভেৰ্জাল মন আৰু একাগ্ৰতাৰে কৰা প্ৰতিতো কামৰ ফলাফল সদায় শ্ৰেষ্ঠই হয়।' অভিনেতা জনে ইয়াৰ লগতে লিখিছে এই চেলফীয়ে মোৰ হৃদয় চুই গ'ল।

অনুপম খেৰৰ পোষ্ট..
অনুপম খেৰৰ পোষ্ট..

বলিউদৰ আন এগৰাকী অভিনেতা বমন ইৰানীয়েও এই ফটোখন চেয়াৰ কৰি লিখিছে ' আপুনি কিমান আৰু কেনেকৈ সুখী থাকিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এই ফটোখনে তাকেই কলে। মই ভাৱো এই ফটোখনে সকলোৰে লাইক পোৱাৰ যোগ্যতা আছে'।

বমন ইৰাণীৰ পোষ্ট..
বমন ইৰাণীৰ পোষ্ট..

আনএগৰাকী অভিনেতা ৰাম কাপুৰে এই ফটোখনক লৈ মন্তব্য কৰিছে যে ' সুখী হ'বলৈ আপুনি ধনী হোৱাৰ প্ৰয়োজন নাই, এই ফটোখন তাৰ জলন্ত উদাহৰণ।'

ৰাম কাপুৰৰ পোষ্ট…
ৰাম কাপুৰৰ পোষ্ট…

কেৱল অভিনেতাই নহয়, দেশ-বিদেশৰ ভিন্ন ক্ষেত্ৰৰ লোকে এই ফটোখনক কৰিছে প্ৰশংসা। কোনো কোনোৱে ফটোখনক লৈ লিখিছে ' কেপচন দিবলৈ শব্দৰ অভাৱ।'

সকলোৱে ছচিয়েল মিডিয়াত এই ফটোখনক প্ৰশংসা কৰিলেও শেহতীয়াকৈ বিগ বি অভিতাভ বচ্চনে এই ফটোখনক ভুৱা আখ্যা দিছে। বিগ বিৰ মতে চেলফী লোৱা শিশুৰ হাতখনৰ সৈতে চেণ্ডেলযোৰৰ যথেষ্ট ব্যৱধান আছে। এই ফটোখন কোনো লোকে সম্পাদনা কৰা বুলিহে টুইটাৰত লিখিলে বিগ বিয়ে। কিন্তু বিগ বিৰ টুইটক প্ৰত্যুত্তৰ দি বলিউদৰ এজন প্ৰযোজকে লিখিছে যে ' এই ফটোখন ভুৱা নহয়। হায়দৰাবাদৰ ড ড ক্ৰিয়েটিভ, আন্তৰাষ্ট্ৰীয় এক ছবি সম্পাদনা সংস্থা 'হেপ্পী ফিনিছ এছিয়া' আৰু  বিশেষজ্ঞ ক্ষুৰচেড পুনৱালাই প্ৰমাণ কৰিছে যে এই ফটোখন সম্পদনা কৰা ফটো নহয়।

অমিতাভ বচ্চনৰ পোষ্ট…
অমিতাভ বচ্চনৰ পোষ্ট…

ইয়াৰ উপৰিও অসমতো শিক্ষাৰ্থী-শিক্ষক, সাংবাদিকৰ লগতে ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা বহুতে ফেচবুক, হোৱাটছ এপৰ জৰিয়তে চেয়াৰ কৰিছে এই ফটোখন।

ফেচবুকৰ এটা পোষ্ট…
ফেচবুকৰ এটা পোষ্ট…

মুঠতে বিগত কেইটামান দিনৰ পৰা ছচিয়েল মিডিয়াত এই বিশেষ ফটোখনে ব্যাপক চৰ্চা লাভ কৰিছে। গ্ৰাম্য পৰিৱেশত ৫ টা কণমাণি সম্বলিত ফটোখন বৰ্তমানৰ লৈকে লাখ লাখ লোকে চেয়াৰ কৰিছে। ৫ টা কণমাণিৰ ভুৱন ভুলোৱা হাঁহিকেইটাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰে মাজতে ছচিয়েল মিডিয়াত ফটোখনক লৈ লিখিছে ' জীৱন জিন্দাবাদ'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in