ফেচবুক কাণ্ড! প্ৰথমে দুই পক্ষৰ মাজত সংঘাত, ৫ সংগঠনৰ তিনিচুকীয়া জিলা বন্ধৰ আহ্বান

ফেচবুক কাণ্ড! প্ৰথমে দুই পক্ষৰ মাজত সংঘাত, ৫ সংগঠনৰ তিনিচুকীয়া জিলা বন্ধৰ আহ্বান

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়াৰ বৰহাপজানৰ ফেচবুক কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। সমগ্র কাণ্ডৰ মূল নায়ক মহম্মদ আজিজ খানৰ লগতে ৩ সংগী ক্ৰমে মহম্মদ হাবিবুল্লা, মহম্মদ ছবিৰ হাছান আৰু মহম্মদ নাৰ্চিমাক তিনিচুকীয়া আৰক্ষীয়ে শনিবাৰে ডিব্ৰুগড়ৰ পৰা আটক কৰে।

ইফালে, সমগ্র ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে পুৱা ৫ বজাৰ পৰা তিনিচুকীয়া জিলাৰ বন্ধৰ আহ্বান জনায় ৫ টাকৈ হিন্দু সংগঠনে। এই বন্ধৰ ফলত কেইবাখনো বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰাৰ লগতে বন্ধ হৈ পৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। একাংশ বন্ধ সমৰ্থকে যান-বাহনলৈ শিলগুটি নিক্ষেপ কৰাও দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে, শুকুৰবাৰে মহম্মদ আজিজ খান নামৰ যুৱকজনৰ এটা ফেচবুক প'ষ্টক কেন্দ্ৰ কৰি তিনিচুকীয়াত দুটা পক্ষৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ। সমগ্র ঘটনাক লৈ অস্থিৰ হৈ পৰিছিল তিনিচুকীয়াৰ পৰিৱেশ। হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৱে তিনিচুকীয়া আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ লোকে। ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলি চালনাৰ লগতে লাঠিচার্জও কৰিবলৈও বাধ্য হৈছিল আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in