শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

আহি আছে এনে দিন, ফেচবুক খুলিবলৈও লাগিব আধাৰ নম্বৰ!

664

ডিজিটেল ডেস্কঃএনে দিন আহি আছে, আধাৰ নহলে আপোনাৰ একো নহব। খুলিব নোৱাৰিব ফেচবুকৰ সাধাৰণ একাউন্ট এটাও। ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ফেচবুকৰ এক আবেদনৰ শুনানি চলি আছে। ন্যায়ালয়ত দাখিল কৰা আবেদনত ফেচবুকৰ প্ৰফাইলৰ সৈতে আধাৰ নম্বৰ লিংক কৰিবলৈ বিভিন্ন উচ্চ ন্যায়ালয়ত চলা গোচৰ উচ্চতম ন্যায়ালত এখন বিচাৰপীঠত চলাবলৈ আবেদন জনাইছিল ফেচবুকে।

উচ্চতম ন্যায়ালয়ক দীপক গুপ্তাৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই বিষয়তো বিস্তৃতভাৱে আলোচনা কৰিবলৈ অধিক তথ্য- প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছে। সোমবাৰে তামিলনাডু চৰকাৰে ছচিয়েল মিডিয়াৰ প্ৰফাইল সমূহ সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা, ভুৱা নিউজ প্ৰচাৰ প্ৰতিৰোধ আৰু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ বাবে ছচিয়েল মিডিয়াৰ প্ৰফাইলেৰে আধাৰ কাৰ্ড সংলগ্ন কৰাৰ সপক্ষে মতপোষণ কৰে।

ৰাজ্যখনে ন্যায়ালয়ক লগতে জনায় যে, আই আই টিৰ সৈতে হোৱাটছ এপৰ পৰা প্ৰেৰণ কৰা মূল বাৰ্তাৰ চিনাক্ত কৰিবলৈ পথ নিৰ্ণয়ৰ বাবে তেওলোকে কাম কৰি আছে। কেইবাখনো উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত তৰা গোচৰ সমূহ এখন বিচাৰপীঠত বিচাৰ কৰিবলৈ সকলো গোচৰ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ বাবে ফেচবুকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

বিভিন্ন উচ্চ ন্যায়ালয়ত তৰা গোচৰ সমূহৰ ক্ষেত্ৰত পৃথক দৃষ্টিকোণ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ শংকা কৰি এনে সকলোবোৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ এই বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ বাবে ফেচবুকে আবেদন কৰিছিল।

এই সন্দৰ্ভত এটা গোচৰত তামিলনাডু চৰকাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত চলি থকাৰ কথা উল্লেখ কৰি ফেচবুকৰ এই আবেদন বিৰোধিতা কৰিছে ৰাজ্যখনে। এই গোচৰত ১৮ টাকৈ শুনানি অনুষ্ঠিত কৰা বুলিয়ো জনাইছে তামিলনাডু চৰকাৰে। ২০১৮ চনৰ জুলাই মাহত আধাৰ কাৰ্ডৰ সৈতে ছচিয়েল মিডিয়াক সংযুক্ত কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল।

এনে কৰিলে ব্যক্তিৰ গোপনীয়তা বুলিবলৈ একো নথকা বিষয়চো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত চলি থকা গোচৰ সমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা সন্দৰ্ভত ফেচবুকৰ আবেদন গ্ৰহণ কৰি টুইটাৰ, গুগুল, ইউ টিউবলৈ জাননী প্ৰেৰণ কৰিছে। এই গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ঠিক কৰিছে ১ ছেপ্তম্বৰত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি