পাক প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ ভাৰতৰ…

পাক প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ ভাৰতৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুলৱামা ঘটনাক লৈ কৰা মন্তব্যৰ পাছত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পুলৱামাত ভাৰতীয় সেনা জোৱান নিহত হোৱা সন্দৰ্ভত সন্ত্ৰাসবাদীৰ তদন্ত কৰিবলৈ সন্মত নোহোৱাক লৈ আমি আচৰিত নহয়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পুলৱামা ঘটনাক ধিক্কাৰ দিয়াতো দূৰৈৰে কথা ইয়াক লোক শোক ব্যক্তও কৰা নাই।'

'পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে আওকাণ কৰিছে জেইছ-ই-মহম্মদৰ লগতে সন্ত্ৰাসবাদীয়ে কৰা দাবী সমূহ। এইটো সঁচা কথা যে- জেইছ-ই-মহম্মদ আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ নেতা মছুদ আজহৰ পাকিস্তানতেই আছে। পাকিস্তানে অভিযান আৰম্ভ কৰিবলৈ এইটো যথেষ্ট। পাকিস্তানে বিশ্বক বিপথে পৰিচালিত কৰা বন্ধ কৰক।'- এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বৈদেশিক মন্ত্ৰণালয়ে।

লগতে বৈদেশিক মন্ত্ৰণালয়ে কয়- 'যদি ভাৰতে তথ্য আৰু প্ৰমাণ পাকিস্তানক দিয়ে তেন্তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভ তদন্ত কৰাৰ প্ৰস্তাৱ দিছে। পূৰ্বেও ২৬/১১ত মুম্বাই আক্ৰমণৰ সন্দৰ্ভতো তথ্য-প্ৰমাণ পাকিস্তানক দিছিল ভাৰতে। তাৰ পাছতো, এই সন্দৰ্ভত ১০ বছৰৰো অধিক সময়লৈ কোনো পদক্ষেপ লোৱা হোৱা নাছিল।'

ইফালে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মাতি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আলোচনা কৰাৰ তৎপৰতা ব্যক্ত কৰে। ভাৰতে বাৰে বাৰে কৈছে যে, সন্ত্ৰাসবাদ আৰু হিংসামুক্ত পৰিৱেশত আলোচনা কৰিবলৈ সাজু। লগতে বৈদেশিক মন্ত্ৰণালয়ে কয়- 'পাকিস্তানে সন্ত্ৰাসবাদৰ চিকাৰ হোৱা বুলি দাবী কৰে। কিন্তু এয়া সত্য নহয়। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ এই ক্ষেত্ৰত কি সঁচা তাক লৈ জ্ঞাত।'

আনহাতে, বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা ৰবিশ কুমাৰে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত কয়-"এই 'নতুন পাকিস্তান'ৰ একাংশ মন্ত্ৰীয়ে সাৰ্বজনীকভাৱে হাফিজ ছৈদৰ দৰে সন্ত্ৰাসবাদীৰ সৈতে একেখন মঞ্চ ভাগ কৰিছে। যাক সংযুক্ত ৰাষ্ট্ৰই বেআইনী ঘোষণা কৰিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in