বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি: কাৰ্যসূচী উন্মোচন…

বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ ব্যাপক প্রস্তুতি: কাৰ্যসূচী উন্মোচন…

ডিজিটেল সংবাদ, বটদ্ৰৱা : অহা ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে বটদ্ৰৱা থানত যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে ১২ খন উপ সমিতি গঠন কৰা হয়।

শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে। অহা ২৭ ৰ্মাচত গন্ধোৎসৱ, ২৮ ৰ্মাচত 'গোসাঁই মুৰত ফাকু দিয়া উৎসৱ আৰু ২৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ২৮, ২৯ আৰু ৩০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ'ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই জনাইছে। দেওবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বটদ্ৰৱাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দৌল মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন কৰাৰ পাছত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ সমূহ ভক্ত বৈষ্ণৱক নিমন্ত্ৰণ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in