শিক্ষাবিদ তথা সমাজসেৱক ভোলা নাথ নেওগৰ বিয়োগত শোক..

শিক্ষাবিদ তথা সমাজসেৱক ভোলা নাথ নেওগৰ বিয়োগত শোক..

ডিজিটেল সংবাদ ধেমাজিঃ জীয়াঢল হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক , জামুগুৰি পাঁচ আলি শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন প্ৰধান আৰ্চায ভোলা নাথ নেওগৰ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এখনি ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা খবৰে জীয়াঢল, বিষ্ণুপুৰৰ লগতে উত্তৰ ধেমাজিত অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে৷ কিছুদিন ধৰি অসুস্থ হৈ থকা নেওগৰ হঠাতে স্বাস্থ্যৰ অধিক অৱনতি তৎতাতৈয়াকৈ ডিব্ৰুগড়স্থিত এখনি ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় ৷ কেইবাদিনো ধৰি চিকিৎসাৰ অন্তত বৃহস্পতিবাৰে তেখেতৰ মৃত্যু হয়৷

অতি সহজ সৰল স্বভাৱৰ ভোলা নেওগে শিক্ষকতাৰ উপৰিও জীয়াঢল, বিষ্ণুপুৰ তথা উত্তৰ ধেমাজি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অসম গণ পৰিষদৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি, বিষ্ণুপুৰ আঞ্চলিক ৰঙালী বিহু সমিতিৰ প্ৰাক্তন সভাপতি, দীন বন্ধু সাহায্য ন্যাসৰ আজীৱ সদস্য আছিল ৷ প্ৰাক্তন শিক্ষক তথা সমাজসেৱক নেওগৰ মৃত্যুত জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি শুকুৰবাৰে বিষ্ণুপুৰস্থিত শ্বহীদবেদীৰ প্ৰাঙ্গনত এখনি শোক সভা অনুষ্ঠিত কৰে ৷

জীয়াঢল আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি সৌৰভ জ্যোতি বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত শোক সভাত ধেমাজি জিলা ছাত্ৰ সন্হাৰ বিত্তীয় সম্পাদক তথা জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰী , জীয়াঢল আঞ্চলিক ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সম্পাদক তনুজ কছাৰীৰ লগতে বহুকেইগৰাকী সন্হাৰ বিষয়ববীয়া ৰাইজে উপস্থিত থাকে৷ সভাত উপস্থিত থকা ছাত্ৰ সন্হাৰ বিষয়াববীয়া সকলে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি শোক সন্তৰ্প্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in