বঢ়মপুৰত সপোন দিঠক কৰাৰ কছৰৎ শ-শ যুৱক-যুৱতীৰ…

বঢ়মপুৰত সপোন দিঠক কৰাৰ কছৰৎ শ-শ যুৱক-যুৱতীৰ…

ডিজিটেল সংবাদ,বঢ়মপুৰ : দুই শতাধিক যুৱক-যুৱতী । ২০-২৫ বছৰৰ যুৱক-যুৱতীসকলে কেইবাটাও দলত বিভক্ত হৈ কেৱল দৌৰিছে । বঢ়মপুৰ চৰকাৰী পশুধন পামৰ চৌহদৰ নিজে চাফ-চিকুণ কৰি লোৱা এক মুকলি ঠাইত সপোন দিঠক কৰাৰ বাবে কেৱল দৌৰিছে যুৱক-যুৱতীসকলে । পুৱা প্ৰায় ৪ বজাৰ পৰা বঢ়মপুৰৰ নিকটৱৰ্তী পোতনি , হালোৱাগাঁও , বামুণী , ভেৰভেৰী , কৰৈয়নী , উৰিয়াগাঁও , গোমোঠাগাঁও , ঘোগৰগাঁও , আদৰ্শগাঁও , আমনি আদি অঞ্চলৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতী দল হৈ নিতৌ দৌৰি আছে সেই মুকলি ঠাইডোখৰত । বেছিসংখ্যকৰে আছে ভাৰতীয় সেনা বাহিনীত ভৰ্তি হৈ দেশ সেৱা কৰাৰ সপোন । শত্ৰুপক্ষৰ পৰা দেশ ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে নিয়োজিত হ'ব বিচাৰে বিএছএফ , চিআৰপিএফ , চিআইএছএফ , সেনা বাহিনী আদিত ।

অৱশ্যে তেওঁলোকৰ কিছুসংখ্যকৰ আছে অসম আৰক্ষীত নিয়োজিত হোৱাৰ হাবিয়াস । সেনা বাহিনীত যোগদান কৰিবলৈ দৌৰত ভাল হ'বই লাগিব , সেয়ে তেওঁলোকে নিতৌ কৰিছে কছৰৎ । কিদৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত দৌৰ সম্পন্ন কৰিব পাৰে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে । উল্লেখ্য যে , কৰ'নাৰ বাবে সেনা বাহিনীৰ শাৰীৰিক , লিখিত তথা মৌখিক সাক্ষাৎকাৰ বন্ধ হৈ আছে যদিও বঢ়মপুৰ আৰু ইয়াৰ বিভিন্ন প্ৰান্তৰ এইসকল যুৱক-যুৱতীয়ে দৌৰৰ ক্ষেত্ৰত নিজক সাজু কৰি তুলিবলৈ উঠি পৰি লাগিছে । তেওঁলোকৰ আশা দেশৰ পৰিস্থিতি স্বাভাৱিক হ'লেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ । ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত যদি এইসকল যুৱক-যুৱতীৰ সপোন পূৰণ হয় তেন্তে নিশ্চিতভাৱে কিছু পৰিমাণে লাঘৱ হ'ব নিবনুৱা সমস্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in