EXCLUSIVE- মহাৰাষ্ট্ৰৰ ৪৯জন বিধায়কৰ বাবে কিমান টকা খৰচ কৰিছে জানেনে আপুনি…

EXCLUSIVE- মহাৰাষ্ট্ৰৰ ৪৯জন বিধায়কৰ বাবে কিমান টকা খৰচ কৰিছে জানেনে আপুনি…

মহাৰাষ্ট্ৰৰ ৪৯জন বিধায়কৰ বাবে কিমান টকা খৰচ কৰিছে জানেনে আপুনি। অসমীয়া প্ৰতিদিন ডিজিটেল exclusive

হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু নিৰ্দলীয় ৪৯জন বিধায়কে। এই বিধায়কসকলৰ বাবে আগতীয়াকৈ বুকিং কৰি থোৱা হৈছিল ৰেডিশ্যন ব্লুৰ ৭০টা কোঠা। সাতদিনৰ বাবে বুক কৰা ৰেডিশ্যন ব্লুৰ এই কোঠাকেইটাৰ বাবে হোটেল কৰ্তৃপক্ষক দিব লাগিব ৫৬লাখ টকা।

ইয়াৰ উপৰিও প্ৰতিদিনাই খোৱাৰ বাবদ ব্যয় হব ৮লাখকৈ টকা। অন্যান্য শিতানত আন ১০লাখ টকা ব্যয়ৰ বাবে সাজু কৰি ৰখা হৈছে। সেই হিচাপত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক হোটেল ৰেডিশ্যন ব্লুত থোৱা বাবদেই ব্যয় কৰা হব ১কোটি ১২লাখ টকা।

ইফালে চুৰাটৰ পৰা গুৱাহাটীলৈ চাৰ্টাড প্লেনেৰে অনা হৈছিল তেওঁলোকক। এইসকলো মিলি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ নামত বান বিধ্বস্ত ৰাজ্যখনত কোনোবা বিজেপি নেতাৰ আমোলতেই যে কেইবাকোটি টকা ব্যয় কৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলক ৰেডিশ্যন ব্লুৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি ৭দিনৰ পূৰ্বেই বুকিং কৰা হৈছিল এই কোঠাসমূহ। বিধায়কসকলক গুৱাহাটীলৈ অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰেই পৃষ্ঠপোষকতা কৰাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও কিছু দিশ পৰ্যবেক্ষণ কৰিছিল।

শীৰ্ষ নেতৃত্বক জনোৱা হৈছিল যে, গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ আধা কিঃমিঃ দুৰতেই অৱস্থিত ৰেডিশ্যন ব্লু সকলো ধৰণৰ সা-সুবিধা থকা এখন বিলাসী হোটেল। নিৰাপত্তা আৰু গোপনীয়তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছিল বিজেপি শীৰ্ষ নেতৃত্বক।

তেনে আশ্বাস আৰু আস্থাৰ পাছতেই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক লৈ অহা হৈছিল গুৱাহাটীলৈ। ইয়াৰ পাছতে সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰিছিল গুৱাহাটীৰ এইখন বিলাসী হোটেল। ইয়ালৈ যাতে আন কোনো লোক আহিব নোৱাৰে। তাৰবাবে হোটেলখনৰ প্ৰতিটো কোঠাই বুকিং কৰা হৈছিল।

মহানগৰৰ আয়ুক্ত হৰমিত সিঙে তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা। যি সময়ত ৰাজ্যত প্ৰৱল বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। সেই সময়ত মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাক লৈ ইমান বৃহত সংখ্যক ধন ব্যয়ক লৈ সচেতন লোকৰ চকু কপালত উঠিছে। উল্লেখ্য যে, বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰপাইজে মুক্তহস্তে দান আগবঢ়াইছে।

চকুত লগাকৈ এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো পেকেজ ঘোষণা নাই। খাদ্য, কাপোৰ আৰু বাসস্থানৰ অভাৱত মানুহে হাহাকাৰ কৰিছে । তেনে সময়ত মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ নামত গুৱাহাটীৰ ৰেডিশ্যন ব্লুত এইধৰণে বিলাস কৰা হৈছে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে হুংকাৰ দিছে যে, অচিৰেই এই বিধায়কসকলে গুৱাহাটী এৰক। নহলে তেওঁলোকক খেদি পঠোৱা হব। ৰেডিশ্যন ব্লুৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ অসমত দায়িত্ব থকা ৰিপুন বৰা আৰু কংগ্ৰেছেৰ এন এছ ইউ আয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সতীৰ্থ মন্ত্ৰী আৰু বিজেপি নেতাক ৰেডিশ্যন ব্লুলৈ পঠাই খবৰ ৰাখিছে যদি এই বিধায়কসকলক সাক্ষাত কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in