প্লিজ প্লিজ প্লিজ… এনে নকৰিবাঃ ৰিপুন বৰা… EXCLUSIVE

প্লিজ প্লিজ প্লিজ… এনে নকৰিবাঃ ৰিপুন বৰা… EXCLUSIVE

ডিজিটেল সংবাদ উত্তৰ অসমৰ সহযোগত ডিজিটেল ডেস্কঃ অসহায় হৈ পৰিছে তেওঁ। সেই অসহায়তাৰ প্ৰমান তেওঁৰ মাত কথাত। ম'বাইলৰ সিপাৰে এজনক উদ্দেশ্যি তেওঁ কাকতি কৰিছে- এনে কৰাৰ আগতে আকৌ এবাৰ ভাবি চোৱা।

শনিবাৰে এই বাৰ্তালাপ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। দলৰ এজন কৰ্মীৰ সৈতে তেওঁ পতা সেই বাৰ্তালাপ শুনিলেই গম পাব সকলো, হৈ আছে কি? সেই বাৰ্তালাপ এয়া-

ৰিপুন বৰাঃ … পাল্লাত নপৰিবা। কাৰণ সি নিজে জইন কৰিব বিচাৰিছে। তাক কৈছে তুমি এশ ল'ৰা অহা। তাক ডাঙৰ ঠিকা লাগে। সি আজি চাৰি বছৰ আমাৰ লগত গুৱাহাটীত গৈ থাকেগে। সি তোমালোকক দেখুৱাই মাত্ৰ জইন কৰিব। কৰি সি নিজৰ স্বাৰ্থটো পূৰণ কৰি ল'ব। সি গুৱাহাটীত থাকিব, তোমালোকে কি পাবা? হম, সেই কাৰণে তোমালোকে এইটো ভুল কৰিব নালাগে নেকি। … বিজেপিত তোমালোকৰ দৰে শ শ, হাজাৰ হাজাৰ ল'ৰা লাইনত থিয় হৈ আছে। … তাত গৈ তোমালোকে আগত স্থান নোপোৱা নহয়। একেবাৰে লাইনৰ শেষতহে থিয় হ'ব লাগিব।

কংগ্ৰেছ কৰ্মীঃ সেইটো হয়।

ৰিপুন বৰাঃ তোমালোকৰ দিন অহালৈ বহুত দিন লাগিব। তেতিয়ালৈকে বিজেপি চৰকাৰ পাৰেই হৈ যাব দেখোন। সেই কাৰণে মই তুমি তাত যাব নালাগে বুলি ক'ব খুজিছো। কিন্তু তুমি যদি যোৱা, তেতিয়াতো উপায় নাই দিয়াচোন। কিন্তু মই ক'ব খুজিছো তুমি যাব নালাগে বুলি। তোমাৰ ভালৰ কাৰণে কৈছো।

কংগ্ৰেছ কৰ্মীঃ হয়। মোৰ যাব মনেই নাই। …

ৰিপুন বৰাঃ তুমি কোৱাচোন কাম বন কিমান দিব? ইমান নোলাই নহয়। কবাত দুই এটা ওলাব। তেনেকৈ দুই এটাই পাব। সবেই যে পাব তাৰ মানে নাই নহয়। গম পাইছানে নাই? তুমি মোৰ মতে, এই সিদ্ধান্তটো সলনি কৰা… । তোমালোকৰ কাৰণে সি ফাইট নকৰে, সি নিজৰ স্বাৰ্থৰ বাবেহে লাগিব। গতিকে তুমি চোৱাচোন তুমি কি সিদ্ধান্ত লোৱা দেই।

কংগ্ৰেছ কৰ্মীঃ হয়।

ৰিপুন বৰাঃ মই শেষ মুহূৰ্তত এটা ৰিকুৱেষ্ট কৰিছো আৰু…। তোমাৰ সিদ্ধান্ত কি তুমি মোক জনাবা।

কংগ্ৰেছ কৰ্মীঃ আপুনি গহপুৰত আছেনে গুৱাহাটীত আছে?

ৰিপুন বৰাঃ আছো আছো গহপুৰতে আছো।

ইজনৰ পাছত সিজন কংগ্ৰেছ নেতা কৰ্মীয়ে দল এৰিছে। এক প্ৰকাৰৰ গৰাখহনীয়া সৃষ্টি হৈছে কংগ্ৰেছত। ৰিপুন বৰাৰ গৃহ সমষ্টি গহপুৰতো কংগ্ৰেছৰ বেলি মাৰ যাওঁ যাওঁ! দেওবাৰে ৰিপুন বৰা আৰু মণিকা বৰাৰ ঘনিষ্ঠ ৰূপে পৰিচিত কেইবাগৰাকী কংগ্ৰেছ নেতা তথা শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগ দিলে বিজেপিত।

তাৰ ভিতৰত আছিল- বিশ্বনাথ জিলা কংগ্ৰেছৰ উপসভাপতি গুণ চলিহা, ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উপ সভাপতি ভৱেন আচাৰ্য, বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৱজ্যোতি বৰা, ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন বৰা, পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছ সাধাৰণ সম্পাদক বিপুল কাকতি, গহপুৰ নগৰমণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাতুল বৰা, ছয়দুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি টিকেন্দ্ৰ গোঁহাই, এছ টি বৰ্ডৰ শ্বেয়াৰমেন কুম্বেশ্বৰ পায়েং, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বুধেশ্বৰ দাস, নলিনী মটককে ধৰি ২০০ কংগ্ৰেছ কৰ্মী।

দেওবাৰে বিজেপিত যোগদান কৰে এই সকল নেতাই। গহপুৰৰ কটকী চুকৰ চ্যুকাফা ভৱনত আয়োজন হৈছিল এই যোগদানৰ অনুষ্ঠান। সেই যোগদানৰ অনুষ্ঠানত সভাপতিত্ব কৰিছিল পশ্চিম ছয়দুৱাৰ বিজেপি মণ্ডলৰ সভাপতি জয়ন্ত গোস্বামীয়ে।

নিজ সমষ্টিতেই কংগ্ৰেছৰ এই গৰাখহনীয়াৰ খবৰ পাই শনিবাৰে বিপুল কাকতি নামৰ দেওবাৰে বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতাজনৰ এজন ঘনিষ্ঠলৈ এইদৰে অসহায় হৈ ফোন কৰিছিল ৰিপুন বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in