গাড়ী আছে চালক নাই, বিষয়া আছে অফিচ নাই! ঢকুৱাখনা আবকাৰী চক্ৰৰ দুৰৱস্থা…

গাড়ী আছে চালক নাই, বিষয়া আছে অফিচ নাই! ঢকুৱাখনা আবকাৰী চক্ৰৰ দুৰৱস্থা…

ডিজিটেল সংবাদ , ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ । সাম্প্ৰতিক সময়ত চৰকাৰী ৰাজহ সংগ্ৰহৰ গধুৰ দায়িত্ব অৰ্পিত এই বিভাগটোৰ ওপৰত ।  ঢকুৱাখনাক মহকুমা স্বীকৃতিৰ মৰ্যদাৰে এই বিভাগটোৰ এটা মহকুমা পৰ্যায়ৰ কাৰ্যালয়ৰ অনুমোদন দিয়া হ'ল।

পৰৱৰ্তী সময়ত পৰ্যাপ্ত সংখ্যক নহ'লেও  নূন্যতম সংখ্যক বিষয়া কৰ্মচাৰীৰে  বিভাগীয় সেৱা আগবঢ়াই গৈছে  ঢকুৱাখনা মহকুমাত ।  অতি আশ্চৰ্যকৰ বিষয় মহকুমাটোত এই সদা সক্ৰিয় চৰকাৰী বিভাগটোৰ অস্তিত্ব বিচাৰি পোৱা নাযায় ।  এক কথাত অস্তিত্বহীন ভাবেই  ঢকুৱাখনা মহকুমাত এই চৰকাৰী বিভাগটোৱে অস্তিত্ব বৰ্তাই ৰাখিছে।

এখন বিভাগীয় "চাইন বৰ্ড" নথকা মহকুমাবাসীৰ মাজত "ইনভিজিবল বিভাগ" হিচাপে পৰিচিত এই বিভাগটো হৈছে ঢকুৱাখনা আবকাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় । ঢকুৱাখনা মহকুমাক প্ৰশাসনিক ক্ষেত্ৰ হিচাবে লৈ প্ৰতিষ্ঠা হোৱা এই আবকাৰী বিভাগটোৱে বিগত কেইবা দশক ধৰি লাওলোৱা অৱস্থাৰে  চৰকাৰী সেৱা আগবঢ়াই গৈছে ।

চক্ৰ বিষয়াৰ পৰ্যায়ৰ এটা বিভাগ অনুমোদন কৰা ৰাজ্য চৰকাৰে ঢকুৱাখনাত আজি পৰ্যন্ত স্থাপন নকৰিলে এটা স্থায়ী বা অস্থায়ী কাৰ্যালয় । আৱন্টন নকৰিলে এডোখৰ চৰকাৰী ভূমি আৰু  নিৰ্মাণ নকৰিলে গুৰুত্বপূৰ্ণ বিভাগটোৰ  সুবিধাজনক আন্তঃগাঁথনিৰে  এটা চক্ৰ বিষয়াৰ কাৰ্যালয় । পৰিণতিত বিগত দশক দশক ধৰি আবকাৰী বিভাগৰ দৰে এটা বিয়াগোম চৰকাৰী বিভাগ কাৰ্যালয়হীন আৰু অস্তিত্বহীন ভাবে পৰিচালিত হৈ আহিছে  ঢকুৱাখনাত ।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তদন্তত উন্মোচিত হোৱা তথ্য মতে চক্ৰটোত নিয়োজিত চক্ৰ পৰিদর্শক গৰাকীৰ ভাড়াতিয়া শোৱনি কোঠাৰ পৰাই কেইবা দশক ধৰি পৰিচালিত হৈ আহিছে এই বিভাগটো ।  আবকাৰী বিষয়াৰ আশ্ৰিত ভাড়াতিয়া কোঠাত কাৰ্যালয় পাতি এটা গুৰুত্বপূৰ্ণ বিভাগ পৰিচালনা কৰি অহাই নহয় অন্যান্য বহু জটিল অভাৱ সমস্যাতো জৰ্জৰিত এই বিভাগটো ।

চক্ৰটোলৈ চৰকাৰী ভাবে  আৱন্তন দিয়া হৈছে এখন বাহন । কিন্তু বাহনখন চলাবলৈ নিযুক্তি দিয়া নাই চালক । দৈনিক বিভিন্ন চৰকাৰী কাম আৰু অভিযানত যাবলৈ আৱন্তন দিয়া নহয় এটুপি ইন্ধন । ফলত আবকাৰী  বিষয়াই নিজে গাড়ী চলাই অথবা নিজা পুঁজিৰে চালক নিয়োগ কৰি , ব্যক্তিগত ধনেৰে ইন্ধন ভৰাই কৰ্তব্য সম্পন্ন কৰিব লাগে দৈনিক । এনেদৰে নিয়মিত অভিযান চলাই উদ্ধাৰ হোৱা আৰু জব্দ কৰা সামগ্ৰী মজুত ৰাখিবলৈ কোনো ভঁৰাল নাই বিভাগটোত ।  তাতকৈ পৰিতাপৰ বিষয় হল চক্ৰটো পৰিচালিত হৈ আছে মাত্ৰ ৪ গৰাকী আবকাৰী কনিষ্টবলেৰে । 

মহকুমাবাসীৰ দাবী ঢকুৱাখনা নগৰৰ সদৰত নগৰ চাৰিআলিৰ আশে পাশে শীঘ্ৰে এটা অস্থায়ী ভিত্তিক হ'লেও আবকাৰী বিভাগৰ কার্যালয় স্থাপন কৰক । মহকুমাটোৰ গুৰুত্বপূৰ্ণ বিভাগটোৰ এটা স্থায়ী পৰিচয় প্ৰদান কৰি তাত পৰ্যাপ্ত চালক, বিষয়া আৰু কনিষ্টবল নিযুক্তি দি মাহিলি ইন্ধন আবন্টনৰ ব্যৱস্থা গ্ৰহন কৰক । 

তেহে চৰকাৰী অৱহেলাৰ বাবে অস্তিত্ব শূণ্য অৱস্থালৈ গতি কৰা আবকাৰী বিভাগটোৱে অধিক সক্ৰিয়তা আৰু পাৰদৰ্শিতা পৰিদর্শন কৰিবলৈ সক্ষম হ'ব । এই ক্ষেত্ৰত স্থানীয় বিধায়ক নৱ দলেৰ উদাসীন ভূমিকাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে মহকুমাবাসীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in