ইউনিফৰ্ম নিপিন্ধে! আবকাৰী বিভাগৰ কনিষ্টবলৰ দাদাগিৰি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ আবকাৰী বিভাগৰ কাহিনী কয় শেষ কৰিব নোৱাৰি। কনিষ্টবলৰ পৰা আৰম্ভ কৰি এই বিভাগৰ বহু বিষয়া-কৰ্মচাৰীৰ চলে মইমতালি। শুকুৰবাৰে সংঘটিত হ'ল এক আমোদজনক ঘটনা। ৰমনী কলিতা নামৰ আবকাৰী বিভাগৰ কনিষ্টবলজনে পুৱা কৰ্তব্য সম্পাদন কৰিবলৈ আহোতে ঘটিল অঘটন। দীৰ্ঘদিন গুৱাহাটীত থকা এই কনিষ্টবলজনে খোদ বিভাগটোৰ এজন পৰিদৰ্শকৰ সন্মুখতে পৰিদৰ্শন কৰিলে নিজৰ মইমতালি।

নিৰ্বাচনৰ বাবে আবকাৰী বিভাগত এতিয়া তৎপৰতা বাঢ়িছে। পুৱাৰে পৰা ব্যস্ত থাকে বিষয়া-কৰ্মচাৰীসকল। শুকুৰবাৰে পুৱা কৰ্তব্য সম্পাদন কৰিবলৈ অহা কনিষ্টবল ৰমনী কলিতাক পৰিদৰ্শক গৰাকীয়ে উপস্থিতি লোৱাৰ সময়ত তেওঁ কিয় ইউনিফৰ্ম পিন্ধা নাই বুলি প্ৰশ্ন কৰে। প্ৰত্যুত্তৰত কনিষ্টবলজনে আবকাৰী পৰিদৰ্শকগৰাকীক উভতি ধৰি এক প্ৰকাৰৰ অপদস্থ কৰিলে। 'চৰকাৰে নিদিলে মই ক'ৰ পৰা ইউনিফৰ্ম পিন্ধিম' বুলি বেপেৰুৱা ষ্টাইলত উত্তৰ দিলে কনিষ্টবল ৰমনী কলিতাই। প্ৰত্যুত্তৰত বিষয়াগৰাকীয়ে 'আপোনাক চৰকাৰে ইউনিফৰ্ম দিছে আপুনি পিন্ধাতো বাধ্যতামূলক' বুলি কোৱাত দীৰ্ঘদিন গুৱাহাটীত থকা ৰমনী কলিতাই 'ইউনিফৰ্ম নাই নিপিন্ধো কি কৰে কৰক বুলি' মন্তব্য কৰে।

বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি ৰমনী কলিতাক অৱশেষত আবকাৰী পৰিদৰ্শকগৰাকীয়ে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিলে। আবকাৰী বিভাগত এতিয়া একাংশ গুৱাহাটী দীৰ্ঘদিন ধৰি নিয়োজিত হৈ থকা কনিষ্টবলে নিজ মইমতালিৰে সম্পাদন কৰে কৰ্তব্য। এনে আবকাৰী কনিষ্টবলে আনকি কেৰেপ নকৰে খোদ বিভাগটোৰে বিষয়াক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in