শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

জীৱন জিন্দাবাদ শ্লোগানেৰে আগবঢ়া নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ…

45

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : জীৱন জিন্দাবাদ শ্ল’গানেৰে আগবাঢ়িব খোজা নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থী । ২০১৮ চনত চছিয়েল মেডিয়াৰ জৰিয়তে গঠন হৈছিল ‘আমি আপোনাৰ বাবে’ নামেৰে এক অনুষ্ঠানৰ ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে গঠন কৰা অনুস্থানটিয়ে বিগত সময়ছোৱাত বিভিন্নজন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক-মানসিকভাৱে সহায় আগবঢ়াই অহাৰ পিছত সেহতীয়াকৈ তেওঁলোকে গঢ়ি তুলিছে এটা ব্যতিক্ৰমী পুথিভঁৰাল । নাৰায়ণপুৰৰ সমীপৰ বৰপথাৰত স্থানীয় খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনিল বৰুৱাই দানসূত্ৰে আগবঢ়োৱা ভূমিত স্থাপন কৰা পুথিভঁৰালটোৰ নাম ৰাখিছে ‘বৰ্নবিন্যাস’৷

দেওবাৰে অনুস্থানিকভাবে মুকলি কৰা হয় পুথিভঁৰালটো । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ভূমিদাতা দম্পতী দ্বয় জুলি বৰুৱা গছপুলি ৰোপণ আৰু অনিল বৰুৱাই বন্তিপ্ৰজ্বল কৰাৰ পিছতে পুথিভঁৰালটো অনুস্থানিকভাবে ফিটা কাটি মুকলি কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক চাও টানচেং খাংকেউৱে । ইয়াৰ পিছতে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ-সভাপতি প্ৰদীপ নেওগৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । উদ্যোক্তা মানসপ্ৰতিম গোস্বামী আৰু বৰ্ণালী তামুলীয়ে আঁতধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱ পুজাৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক নিখিল হাজৰিকা,শংকৰদেৱ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক টংকেশ্বৰ দত্ত,উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ,সৰ্বেশ্বৰ বৰুৱা কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা মানসী শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

শিশু সকলৰ লগতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰতিযোগিতামূলক আৰু প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সহায় হোৱাকৈ গঢ়ি তোলা পুথিভঁৰালটোত উপলব্ধ হ’ব প্ৰয়োজনীয় সকলো ধৰণৰ কিতাপ ৷ স্থানীয় বিভিন্ন জনৰ লগতে পুথিভঁৰালটিলৈ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে আগবঢ়াইছে কিতাপৰ টোপোলা ৷ যি সময়ত একাংশ ছাত্ৰ-ছাত্ৰীয়ে চ’ছিয়েল মেডিয়াৰ নেতিবাচক দিশটোৰ গ্ৰাসত পৰি বিপথগামী হোৱাৰ উপক্ৰম হৈছে ঠিক সেই সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এই সকল শিক্ষাৰ্থীৰ এনে ব্যতিক্ৰমী পদক্ষেপে নিশ্চিতভাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ।।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি