আজীৱন শ্ৰমজীৱী কৃষক, প্ৰাক্তন বিধায়ক-ৰাজ্যসভাৰ সাংসদ দ্ৰুপদ বৰগোহাঁইৰ মৃত্যুত ৰাজ্যজুৰি শোক

আজীৱন শ্ৰমজীৱী কৃষক, প্ৰাক্তন বিধায়ক-ৰাজ্যসভাৰ সাংসদ দ্ৰুপদ বৰগোহাঁইৰ মৃত্যুত ৰাজ্যজুৰি শোক

ডিজিটেল সংবাদ, শিৱসাগৰঃ সততা, মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী, যুৱ প্ৰজন্মৰ আদৰ্শ ৰাজনীতিবিদ তথা আজীৱন শ্ৰমজীৱী কৃষক জনতাৰ মুক্তিৰ হকে উৎসৰ্গিত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন সম্পাদক দ্ৰুপদ বৰগোহাঁইৰ বুধবাৰে পুৱা ৬ বজাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ। সৎ ৰাজনীতিবিদজনৰ মৃত্যুত জন্মস্থান নাজিৰা আৰু শিৱসাগৰত গভীৰ শোকৰ ছাঁ পৰিছে।

সতী জয়মতীৰ জন্মস্থান মাদুৰি বৰগোহাঁই গাঁৱত ১৯৪১ চনৰ ৭ নৱেম্বৰত জন্ম হৈছিল দ্ৰুপদ বৰগোহাঁইৰ। শেষৰজন আহোম স্বৰ্গদেউ মন্ত্ৰী মালভোগ বৰগোহাঁইৰ বংশৰ তেওঁ বংশধৰ। দেউতাকৰ নাম মানিক চন্দ্ৰ বৰগোহাঁই আৰু মাতৃৰ নাম আছিল ৰূপেশ্বৰী বৰগোহাঁই। মাদুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি ১৯৫০ চনত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰে দ্ৰুপদ বৰগোহাঁয়ে। ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন উত্তীৰ্ণ হয়। ১৯৫৯ চনত শিৱসাগৰ কলেজৰ পৰা আই এ আৰু ১৯৬১ চনত দৰ্শন বিভাগত সন্মান সহকাৰে বি এ ডিগ্ৰী লাভ কৰে।

বি এ পাছ কৰাৰ পাছত তেখেতে ঘৰৰ ওচৰৰে এখন বিদ্যালয়ত শিক্ষকতা কৰে আৰু তাৰ পৰৱৰ্তী সময়ত চকীমুখ মধ্য ইংৰাজী বিদ্যালয়ত যোগদান কৰে। ১৯৬৩ চনত চকীমুখ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে।

চাকৰি কালৰ পাই তেখেতে ৰাজনীতিত জড়িত আছিল যদিও ১৯৮২ চনৰ ডিচেম্বৰ মাহত শিক্ষকতাৰ চাকৰি ইস্তফা দি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৬৩ চনত তেখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য হৈ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৬৫ চনৰ পৰা ১৯৬৮ চনলৈ সৰ্বভাৰতীয় যুৱ ফেডাৰেচনৰ সম্পাদক আছিল আৰু তাৰ পৰৱৰ্তী সময়ত সভাপতি আছিল। দ্ৰুপদ বৰগোহাঁয়ে ১৯৮৩ চনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা চি পি আই দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ হাতত পৰাজিত হৈছিল।

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল। ২০০৪ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দ্বিতীয় স্থান পাই পৰাজিত হৈছিল। ২০০৬ চনত নাজিৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈছিল। ২০০৯ চনত লোকসভা আৰু ২০১১ চনত বিধানসভা নিৰ্বাচনত পুনৰ পৰাজিত হয়। ৰাজনৈতিক জীৱনত তেখেত এজন সৎ আদৰ্শবান ব্যক্তি আছিল। বিধানসভা আৰু ৰাজ্যসভাৰ প্ৰতিনিধি হৈ থাকোতে তেখেতে অসমৰ সমস্যা সমূহ ফলপ্ৰসুভাৱে উপস্থাপন কৰিব পাৰিছিল।

ৰাজ্যসভাৰ সাংসদ থাকোতে তেখেতে নিজৰ সাংসদ পুঁজিৰে অসমৰ প্ৰতিটো সমষ্টিতে এটা হলেও অনুষ্ঠান গঢ়ি তুলিছিল। সাংসদ পুঁজিৰ সকলো ধন উন্নয়নমূলক কামত খৰচ কৰিছিল আৰু পুঁজিৰ হিচাপ ৰাজহুৱা কৰিছিল। সাংসদ পুঁজিৰ খৰচৰ খতিয়ান ৰাজহুৱা কৰি দেখুওৱাটো অসমৰ কোনো এজন সাংসদে আজিলৈকে কৰা দেখা নাই। সময়, নীতি নিয়ম তথাৰ সত্যৰ মাজেৰে কতব্যৰ প্ৰতি সদায় দায়িত্বশীল এইজন বামপন্থী নেতাৰ কৰ্মৰাজি আজিৰ নৱপ্ৰজন্মৰ মাজত সদায় আদৰ্শ হিচাপে জীয়াই থাকক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in