সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ…

সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ…

ডিজিটেল সংবাদ টীয়কঃ সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী, টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক ললিত চন্দ্ৰ ৰাজখোৱাক তেওঁৰ ৩২ সংখ্যক মৃত্যু দিৱসৰ দিনা টীয়কত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টীয়কৰ অগপ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ টীয়কৰ ভগামুখস্থিত সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অগপৰ টীয়ক বিধান পৰিষদৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ।

টীয়ক সমষ্টিৰ বিধায়িকা তথা ৰাজখোৱাৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে । ইয়াৰ পাছতে বিকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে প্ৰয়াত নেতা গৰাকীৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যোৱাৰ সংকল্প লয় ৷

ইপিনে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভগামুখত প্ৰাক্তন ছাত্ৰ নেতাজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, ললিত চন্দ্ৰ ৰাজখোৱাৰ জেষ্ঠ ভাতৃ হৰেণ ৰাজখোৱাকে ধৰি বহুকেইগৰাকী গুনমুগ্ধ ব্যক্তি উপস্থিত থাকে । অনাগত দিনত প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ আদৰ্শ যাতে নতুন প্ৰজন্মই জানিব পাৰে তাৰ বাবে ৰাজখোৱাৰ স্মাৰক এখন গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰি টীয়কত সিংহ যুৱক জনৰ আৱক্ষ মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in