শেহতীয়া খবৰ
মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

ৰোগৰ বাবে প্ৰচাৰৰ পৰা আতৰত থকা প্ৰাক্তন মন্ত্ৰী বুবুল দাসে পালে ঔষধ- যোগ দিব কংগ্ৰেছত!

অহা বিধানসভা নিৰ্বাচনত জাগীৰোডৰ কংগ্ৰেছ প্ৰাৰ্থী হ'ব অগপ নেতাগৰাকী

301

ডিজিটেল ডেস্কঃ জাগীৰোড সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক তথা প্ৰাক্তন মীণ মন্ত্ৰী বুবুল দাসৰ নিৰ্বাচনী ৰোগৰ ঔষধৰ সন্ধান পোৱা গৈছে। উল্লেখ্য যে, বিজেপিৰ মিত্ৰ দল অগপৰ এইগৰাকী শীৰ্ষ নেতাই অতি কৌশলপূৰ্ণভাৱে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰুপক শৰ্মাৰ হৈ প্ৰচাৰ অভিযানত ভাগ লোৱাৰ পৰা বিগত সময়ত অসুস্থতাৰ দোহাই দি বিৰত আছিল। শেহতীয়াকৈ খবৰ ওলাইছে যে, বুবুল দাসৰ এই অসুস্থতাও শাৰীৰিক মানসিক নহয়, ৰাজনৈতিকহে।

সেয়েহে অগপ দল এৰি দুই এদিনতে তেওঁ কংগ্ৰেছ দলত যোগদান কৰাৰ নিশ্চিত সম্ভাৱনাও স্পষ্ট হৈ পৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কেবৰ বিৰোধিতা কৰি নিৰ্বাচনতো এই স্থিতি বাহাল ৰাখি কেবৰ হোতা বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপৰ প্ৰাৰ্থীৰ হৈও প্ৰচাৰ নচলাও বুলি ঘোষণা কৰিছিল। ইতিমধ্যে মহন্তৰ একাংশ অনুগত সতীৰ্থই ইয়াৰ অজুহাততে কংগ্ৰেছ দলত যোগদান কৰা অথবা পৰোক্ষভাৱে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা অভিযানতো নামি পৰিছে।

বুবুল দাসে যোৱা দিন কেইটাত স্বাস্থ্যজনীত অসুস্থতাৰ দোহাই দি মিত্ৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পৰা বিৰত থকাৰ পিছত অহা দুই এদিনৰ ভিতৰতে কংগ্ৰেছ দলত যোগদান কৰিব বুলি অগপৰে এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। খবৰ মতে কংগ্ৰেছৰ পৰা অহা বিধানসভাৰ নিৰ্বাচনত প্ৰাথিত্বৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছতে মহন্তৰ ঘণিষ্ঠ নেতাগৰাকীয়ে এই সিদ্ধান্ত লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি