প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ মঙলবাৰে সন্ধিয়া ৮.১০ বজাত দেহাৱসান ঘটে। সমাজৰ বিভিন্ন কাম কাজৰ সৈতে জড়িত বিশিষ্ট ক্ৰিকেটাৰজনে অসম কলেজ শিক্ষক গোটৰ প্ৰাক্তন সভাপতিৰ দায়িত্বও পালন কৰিছিল।

এসময়ত গুৱাহাটী টাউন ক্লাৱৰ কোষাধ্যক্ষৰ দায়িত্ব পালন কৰিছিল প্ৰয়াত শৰ্মাই। মৃত্যু পৰ্যন্ত ক্ৰিকেট সন্থাৰ সৈতে জড়িত শৰ্মাৰ বিয়োগত ক্ৰিকেট অনুৰাগীসকলৰ মাজতো শোকৰ ছা পৰা দেখা গৈছে।

৫ দশক ধৰি ৰাজ্যৰ ক্ৰিকেটৰ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰা উমেশ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে চিকিৎসক কন্যা চন্দনা শৰ্মাক ইহ সংসাৰত এৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in