কি হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎঃ বিধায়ক আবাসৰ পুনঃনিৰ্মাণ, উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্যৰ ৰাজ্যপাল ৰূপে সংস্থাপনৰো চিন্তা একাংশৰ…

কি হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎঃ বিধায়ক আবাসৰ পুনঃনিৰ্মাণ, উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্যৰ ৰাজ্যপাল ৰূপে সংস্থাপনৰো চিন্তা একাংশৰ…

কি হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎঃ বিধায়ক আবাসৰ পুনঃনিৰ্মাণ, উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্যৰ ৰাজ্যপাল ৰূপে সংস্থাপনৰো চিন্তা একাংশৰ…

ডিজিটেল ডেস্কঃ ২ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত ৩ মে'ৰ সন্ধিয়া পৰ্যন্ত অসমৰ গৰিষ্ঠ সংখ্যক সাধাৰণ ভোটাৰৰ লগতে ৰাজনৈতিক মহলৰো দিছপুৰ-দিল্লীৰ অন্দৰমহলৰ সৈতে নিবিৰ সম্পৰ্ক থকা একাংশৰ বাহিৰে আন সকলে ধাৰণাই কৰিব পৰা নাছিল যে নতুন চৰকাৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব। আনকি দিল্লীতো কেইবালানীও আলোচনাৰ অন্ততহে চূড়ান্ত হৈছিল মুখ্যমন্ত্ৰীৰ ৰূপে সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে ড০ শর্মাক বিধায়িনী দলৰ নেতা ৰূপে নিৰ্বাচনৰ সিদ্ধান্ত।

ঘটনাটোৱে সকলোকে এক প্ৰকাৰ স্তম্ভিত কৰি তুলিলেও এই কথা অধিকাংশ লোকেই ধাৰণা কৰিব পৰা নাছিল যে সদায় বিতৰ্কত সাঙুৰ খাই থকা হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদৰ বাবে মনোনীত কৰিলেও ইয়াৰ ন্যূনতম প্ৰতিক্ৰিয়া নহ'ব। কিন্তু দেখা গ'ল সিদ্ধান্তটোক লৈ সৰ্বানন্দ সোণোৱালে নিৰ্বিকাৰছিত্তে যিদৰে সন্তুষ্টি প্ৰকাশ কৰিলে একেদৰেই তেওঁৰ বিধানসভা সমষ্টি মাজুলী অথবা গৃহ ভূমি ডিব্ৰুগড়ৰ সমৰ্থকসকলৰ মাজতো এই সিদ্ধান্তৰ কোনো প্ৰতিবাদ বা প্ৰতিক্ৰিয়া নহ'ল।

প্রথমে এনে এক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যে এয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এক ঐতিহাসিক সিদ্ধান্ত আৰু ত্যাগ। যি সিদ্ধান্ত অসমৰ সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত তেওঁ গ্ৰহণ কৰিছিল । তেওঁ কৈছিল কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদবীও তেওঁ নালাগে। আনকি মুখ্যমন্ত্ৰী হিচাপে বসবাস কৰি থকা অতিথিশালাৰ পৰিৱৰ্তে দিছপুৰৰ বিধায়ক আবাসৰ পৰা মাজুলীৰ বিধায়ক হিচাপে সমষ্টিৰ উন্নয়ন আৰু দলীয় সাংগঠনিক কাম কাজত তেওঁ মনোনিবেশ কৰিব।

আধ্যাত্মিক ভাৱনাৰে সমৃদ্ধ সৰ্বানন্দ সোণোৱালৰ এই সৰল ঘোষণা আৰু অভিব্যক্তিৰ আঁৰত ভৱিষ্যতৰ  ভয়ংকৰ পৰিকল্পনা থাকিব পাৰে বুলিও কোনোৱে আশংকা কৰা নাছিল। কিয়নো নিৰ্বাচনৰ পূৰ্বেই কোনো এক সময়ত তেওঁ ৰাজহুৱাভাৱে বিশেষ পৰিস্থিতিত দিয়া এক উদ্বাত্ত ভাষণত স্পষ্ট কৰি দিছিল যে কোনোবাই যদি ভাবিছে মুখ্যমন্ত্ৰীৰ গাদীখনৰ প্ৰতি মোৰ লোভ আছে আৰু তাৰ বাবেই মই সকলো কৰি যাম তেনেহ'লে ভুল ভাবিছে। এইখন চকী ত্যাগ কৰিবলৈ মোক এক মিনিট সময়ো চিন্তা কৰাৰ প্ৰয়োজন নাই।

এই কথাষাৰলৈ মনত পেলায়েই সকলোৱে এতিয়ালৈকে এই কথাত নিশ্চিত হৈ আছে যে সৰ্বানন্দ সোণোৱাল সাংগঠনিক আৰু মানসিকভাৱে অতিকৈ সবল হোৱাৰ উপৰি দুটাকৈ কাৰ্যকাল সাংসদ ৰূপে পাৰ কৰা ৫ বছৰ বিধায়িনী সভাৰ সদস্য হিচাপে মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালা এইগৰাকী ৰাজনৈতিক নেতা বিচক্ষণ নহয় বুলিও একেষাৰে কোনেও কৈ দিব নোৱাৰে।

সেয়ে এতিয়াও বহুতে ভাবি আছে যে সৰ্বানন্দ সোণোৱালক অতিকৈ ভালপোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনেদৰে সাধাৰণ বিধায়ক হৈ থাকিবলৈ নিদিয়ে। তাতে অসমৰ খিলঞ্জীয়াক লৈ বিভিন্ন দাবী উত্থাপন হৈ থকা সময়ত প্রথমবাৰলৈ মুখ্যমন্ত্ৰী হোৱা জনজাতীয় নেতা এগৰাকী যিগৰাকীক অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাই জাতীয় নায়কৰ উপাধিও দি থৈছিল। কিন্তু বাস্তৱৰ ৰাজনীতি অতিকৈ নিৰ্মম। ক্ষমতা কেন্দ্ৰিক বৰ্তমানৰ ভাৰতীয় ৰাজনীতি গণতন্ত্ৰ, নিৰ্বাচন আদি বিষয়বোৰত মূল্যবোধৰ বাৰুকৈ অভাৱ ঘটিছে।

প্রধানমন্ত্ৰী মোডীৰ বাবেও সৰ্বানন্দ সোণোৱালতকৈ সমাগত সময়ত অনুষ্ঠিত হ'ব লগা উত্তৰ পূবৰ ৫খন ৰাজ্যৰ নিৰ্বাচন আৰু ইয়াৰ পাছতে অনুষ্ঠিত হ'ব লগা লোকসভাৰ নিৰ্বাচনৰ জৰিয়তে পুনৰ ক্ষমতালৈ বিজেপি কিদৰে আহিব আৰু প্ৰধানমন্ত্ৰীৰ আসনত তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'ব পাৰিব তাৰ অংকবোৰেহে সম্প্ৰতি দিল্লীৰ ৰাজনীতিত আগস্থান লাভ কৰিছে।

তাতে এমহীয়া কাৰ্যকালতে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজনৈতিক নেতা হিচাপে পূৰ্বে দেখুওৱা বিচক্ষণতাৰ সমান্তৰালকৈয়ে প্ৰশাসনীয় বিচক্ষণতাও প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সেয়েহে সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কোনো এই সময়ত বিশেষ ভাৱে ব্যস্ত হৈ থকাৰ খবৰ প্ৰচাৰিত হোৱা নাই।

ইফালে, বিধায়ক হোষ্টেলৰ যিটো আবাসত সৰ্বানন্দ সোণোৱালে ভৱিষ্যতে বাস কৰাৰ কথা, সেইটোও তেওঁৰ নিৰ্দেশ আৰু পচণ্ড মতেই পুনৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত চলাই থকা হৈছে। জুন মাহৰ ভিতৰতে এই কাম সম্পূৰ্ণ হৈ উঠিব। আৰু জুলাই মাহৰ মাজ ভাগত তেওঁ সেই আবাসলৈ যোৱাৰ বিষয়েও চিন্তা কৰা বুলি ইতিমধ্যে ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰত বৃহৎ সংখ্যক দপ্তৰ বৰ্তমান মন্ত্ৰী অবিহনে চলি আছে যদিও অহা এবছৰলৈকে মন্ত্ৰী সভাৰ পুনৰ গঠনৰ কোনো চিন্তা প্ৰধানমন্ত্ৰীয়ে কৰা নাই বুলিয়েই দিল্লীত ৰাজনৈতিক বিশ্লেষকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে।

তেওঁলোকৰ মতে, ভালে কেইগৰাকী মান মন্ত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহুবোৰ দপ্তৰ খালী পৰি আছে যদিও নিৰ্বাচনৰ অংকৰ সৈতে বিবেচনা কৰিহে অহা বছৰত ইয়াৰ কিছু সংখ্যক পদ পূৰণ কৰাৰ কথা যদিও এইবোৰ পদতো ৰাজ্য সভাৰ সদস্য হিচাপে জুলাইত নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সভাত সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হ'ব বুলি ধাৰণা কৰিব নোৱাৰি। কিয়নো দুবাৰৰ সাংসদ, এবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যিক মন্ত্ৰী পদমৰ্যাদাত অভিশিপ্ত কৰাটোও সম্ভৱ নহয় আৰু কেবিনেট মৰ্যাদাৰে শক্তিশালী স্থানত অধিস্থিত কৰাতোও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা বিবেচিত হোৱা নাই।

আটাইতকৈ দুখজনক কথাটো হ'ল অতিকৈ শক্তিশালী আছু নেতা হোৱাৰ পাছতো প্ৰথমবাৰ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ পাছত দ্বিতীয় বাৰ একেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস গোটাব নোৱাৰিলে। যাৰ বাবে দ্বিতীয়বাৰ তেওঁ লখিমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ হ'ল। যোৱা বিধানসভা নিৰ্বাচনত আকৌ গৃহ ভূমিৰ পৰিৱৰ্তে মাজুলীক বাচি ল'ব লগা হ'লহি সৰ্বানন্দ সোণোৱালে। অহা বিধানসভা নিৰ্বাচনতো সেই মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'লে এই সমষ্টিত তেওঁৰ বিজয় কিমান নিশ্চিত হ'ব সেয়াও সন্দেহৰ বিষয়। এই সমগ্ৰ প্ৰেক্ষাপট পৰ্যালোচনা কৰি বহুতে এই কথাও কৈছে যে বহু সুযোগ লাভ কৰাৰ পাছতো নিজৰ খুপনি শক্তিশালী কৰিব নোৱাৰাৰ উপৰি চৌপাশে থকা পৰামৰ্শদাতাসকল দক্ষ আৰু বিশ্বস্ত নোহোৱাৰ বাবেই সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ ক্ৰমাৎ সীমিত হৈ আহিছে।

তৎস্বত্বেও পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অথবা আৰএছএছৰো এক শক্তিশালী অংশই সৰ্বানন্দ সোণোৱালক এতিয়াও সম্ভাৱনা পূৰ্ণ এজন বলিষ্ঠ নেতা বুলিয়েই গণ্য কৰে আৰু ভৱিষ্যতৰ বাবে তেওঁ সংৰক্ষিত হৈ থকাতো বিচাৰে। বিজেপিৰ বান্ধোনত তেওঁক ভৱিষ্যতৰ সম্পদ ৰূপে গঢ় দিবলৈ হ'লে অহা ৫ বছৰৰ বাবে যে এক সন্মানজন আসনত তেওঁক অধিস্থিত কৰাব লাগিব সেই কথাও এই অংশটোৱে অনুভৱ নকৰাকৈ থকা নাই। যাৰ ভিত্তিতে শেহতীয়াকৈ এই কথাও ওলাইছে যে চলিত বছৰতে অন্ত পৰিব লগা উত্তৰ পূবৰ বাহিৰৰ কোনো এখন ৰাজ্যত তেওঁক অস্থায়ী ৰাজ্যপাল হিচাপে নিয়োগ কৰাৰ দৰে কাৰ্য সংঘটিত হ'লেও আচৰিত হব লগা একো নাথাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in