এদিন পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া প্ৰাক্তন সৈনিক ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ দেহাৱসান

এদিন পাকিস্তানৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া প্ৰাক্তন সৈনিক ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ দেহাৱসান

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰত-পাকিস্তান যুদ্ধৰ সৈনিক তথা কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা গাঁও নিৱাসী ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ দেওবাৰে বিয়লি ৫ বজাত পৰোলকপ্ৰাপ্তি ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি লোৱা ৰবিন্দ চন্দ্ৰ নাথৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৫ বছৰ।

কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী প্ৰাক্তন সৈনিক তথা কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সম্পাদক সঞ্জিৎ নাথৰ পিতৃ ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ বাসভৱনত ভিৰ কৰে। প্ৰাক্তন সৈনিক ৰবিন্দ্ৰ চন্দ্ৰ নাথৰ মৃত্যুত শোকস্তব্ধ হৈ বিদেহী আত্মাৰ সদ্গতি কামনাৰে ভূটীয়াপাৰা ৰাজহুৱা প্ৰেক্ষাগৃহত এক শোকসভাও অনুষ্ঠিত হয়।

ইপিনে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সহ সম্পাদক চিৰাজ নাথ, যুৱ জিলা সমিতিৰ সভাপতি প্ৰমোদ নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমাবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in