সন্দেহযুক্ত বাংলাদেশীক আটক কৰা আৰক্ষী বিষয়া এতিয়া নিজেই বাংলাদেশী! গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ

সন্দেহযুক্ত বাংলাদেশীক আটক কৰা আৰক্ষী বিষয়া এতিয়া নিজেই বাংলাদেশী! গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ

ডিজিটেল ডেস্কঃ ৩০ বছৰ ধৰি ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়োৱা বকোৰ এগৰাকী প্ৰাক্তন সেনা বিষয়াক বিদেশী বুলি চিহ্নিত কৰি গোৱালপাৰাৰ ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বৰ্তমানে অসম আৰক্ষীৰ সীমান্ত শাখাত সহায়ক উপ-নিৰীক্ষক হিচাপে কৰ্মৰত প্ৰাক্তন সেনা জোৱান সোণা উল্লাহক কামৰূপৰ জিলা ন্যায়াধিকৰণৰ নিৰ্দেশত বুধবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে।

বকোৰ কলহীকাষ গাঁৱৰ নিৱাসী সোণা উল্লাহে আগবঢ়োৱা সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৭ চনত তেওঁ ভাৰতীয় সেনা বাহিনীত যোগ দি ২০১৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছতে অসম আৰক্ষীত যোগ দিয়ে আৰু সীমান্ত শাখাত সহায়ক উপ-নিৰীক্ষক হিচাপে কৰ্মৰত হয়। য'ত তেওঁৰ কাম হৈছিল সীমান্তত বিদেশী নাগৰিকক আটক কৰি তেওঁলোকৰ গোচৰসমূহ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা। কিন্তু সীমান্তত অবৈধ বাংলাদেশীক আটক কৰা আৰক্ষী বিষয়া জনেই এতিয়া বিদেশী নাগৰিক হৈ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। জানিব পৰা মতে, এইগৰাকী প্ৰাক্তন সেনা জোৱানৰ বিৰুদ্ধে ২০০৮ চনতে বিদেশী হোৱাৰ সন্দেহ কৰি এক অভিযোগ দাখিল কৰা হৈছিল।

এই অভিযোগৰ ১১ বছৰ পিছত বুধবাৰে বিদেশী ন্যায়াধিকৰণে তেওঁক বিদেশী বুলি ৰায় দিয়ে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে বুধবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে সোণা উল্লাহে নিজকে এগৰাকী ভাৰতীয় নাগৰিক আৰু তেওঁৰ লগত ভাৰতীয় হোৱাৰ সকলো নথি পত্ৰ আছে বুলি দাবী কৰে।

আনহাতে প্ৰাক্তন সেনা জোৱান গৰাকীৰ পৰিয়ালেও ন্যায়াধিকৰণৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যয়ালয়ৰ দাৰস্থ হ'ব বুলি জানিবলৈ দিয়ে। ভাৰতীয় সামৰিক বাহিনীত ৩০ বছৰ ধৰি সেৱা আগবঢ়াই ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰাক্তন সেনা জোৱানক এনেদৰে বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in