ইটালীৰ পক্ষত খিতাপ, ইংলেণ্ডৰ মূৰত কলংকঃ ইউৰো-২০২০

ইটালীৰ পক্ষত খিতাপ, ইংলেণ্ডৰ মূৰত কলংকঃ ইউৰো-২০২০

ডিজিটেল ডেস্কঃ ঘৰ ৱাপচি নহ'ল ফুটবলৰ। প্ৰতিবাৰৰ দৰেই পুনৰ বিমুখ হ'ল ইংলেণ্ড। ৫৫ বছৰৰ মূৰত ফুটবল ঘৰলৈ ঘূৰি আহিব বুলি চৰ্চা চলিছিল যদিও পৰিশেষত সেয়া কাৰ্যত হৈ নুঠিল।সুদীৰ্ঘ ৫৫ বছৰ ধৰি ইলেণ্ডে কোনো বৃহৎ প্ৰতিযোগিতাৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই।ইউৰো কাপ-২০২০ৰ ছেমি ফাইনেলত ডেনমাৰ্কক পৰাস্ত কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগেই চৰ্চা আৰম্ভ হৈছিল ফুটবলৰ ঘৰ ৱাপচি হ'ব অৰ্থাৎ ফুটবল ঘৰলৈ ঘূৰি আহিব। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল।ফুটবল গ'ল ইটালীলৈ।

ভাগ্য সুপ্ৰসন্ন নাছিল ইংলেণ্ডৰ। যিদৰে ছেমি ফাইনেলত ডেনমাৰ্কৰ পক্ষত নাছিল ভাগ্য। ইংলেণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনাইয়ো ইংলেণ্ডৰ ফুটবলাৰৰূপী অভিনেতাৰ সুদক্ষ অভিনয়ত পৰাস্ত হৈছিল ডেনমাৰ্ক। মূৰত কলংকৰ দাগ লৈয়ে ইউৰো-২০২০ৰ ফাইনেলত প্ৰৱেশ কৰিছিল ইংলেণ্ড।যিকোনো প্ৰকাৰে ফুটবলক ঘৰলৈ ঘূৰাই নিব লাগে। সেয়াই আছিল ইংলেণ্ডবাহিনীৰ মূল উদ্দশ্যে।

ইউৰো কাপৰ ইতিহাসত দ্বিতীয় বাৰৰ বাবে ইউৰো কাপৰ খিতাপ জয় কৰিলে ইটালীয়ে। পেনাল্টি শ্বুট আউটৰ জৰিয়তে ইউৰো-২০২০ৰ চূড়ান্ত খেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰিলে ইটালীয়ে।নিৰ্ধাৰিত সময়ত ১-১ গ'লত সমাপ্ত হোৱা খেলখন পেনাল্টিৰ জৰিয়তে ফলাফল উলিয়াবলগীয়া হয়। পেনাল্টি শ্বুট আউটত ৩-২ ব্যৱধানত ফলাফল আহে ইটালীৰ পক্ষত। ইয়াৰ লগে লগে ফুটবল ঘৰলৈ যোৱাৰ পৰিবৰ্তে ইটালীলৈ যোৱাটো নিশ্চিত হয়।

লণ্ডন চহৰৰ ৱেম্বলৱী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইউৰো কাপৰ চূড়ান্ত খেলখনত ইংলেণ্ডৰ আৰম্ভণি ঠিকেই আছিল। খেলখনৰ মাত্ৰ ২ মিনিট নহওতেই ইংলেণ্ডৰ লিউক শ্বয়ে ১ মিনিট ৫৭ মিনিটত গ'ল কৰি ইংলেণ্ডক ১-০ৰ অগ্ৰগতি প্ৰদান কৰিছিল। ইউৰো কাপৰ ইতিহাসৰ ফাইনেলত এই গ'লটো আটাইতকৈ দ্ৰুততম গ'ল হিচাপে পৰিগণিত হ'ল। ইয়াৰ পাছত ইটালীয়ে ক্ষমতা স্থাপন কৰিবলৈ আৰু আৰু ইংলেণ্ডে বিজয়ৰ বাট সুগমৰ বাবে গ'ল কৰিবলৈ চেষ্টা চলাই। খেলখনৰ ৬৭ মিনিটত ইটালীৰ হৈ লিওনাৰ্ডো বোনুচ্চিয়ে গ'ল কৰি ইটালীক ক্ষমতা স্থাপনত সহায় কৰে। নিৰ্ধাৰিত সময়লৈকে খেলখন ১-১ ড্ৰ হয়।

ইফালে খেল পৰিচালকে নিৰ্ধাৰিত সময়ত খেলখনৰ ফলাফল নোলোৱাত অতিৰিক্ত ৩০ মিনিটৰ নিৰ্ধাৰণ কৰি দিয়ে। কিন্তু অতিৰিক্ত ৩০ মিনিটতো খলখনৰ ফলাফল নোলোৱাত পেনাল্টি শ্বুট আউটৰ মাধ্যমেৰে খেলখনৰ ফলাফল উলিয়াই।

পেনাল্টি শ্বুট আউটত ইংলেণ্ডৰ হেৰী কেইন, হেৰী মাগুৰে গ'ল কৰিবলৈ সক্ষম হৈছিল যদিও মাৰ্চাছ ৰেছফৰ্ড, জেডেন চাঞ্চো আৰু বুকায়ো চাকাই গ'ল কৰিবলৈ সক্ষম নহ'ল। আনহাতে ইটালীৰ হৈ ডমিনিক বেৰাৰ্ডি, লিওনাৰ্ডো বোনুচ্চি, ফেড্ৰিকোৱে গ'ল কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ আন্দ্ৰেই বেলোটি আৰু জৰ্গেনহোৱে গ'ল কৰিবলৈ সক্ষম নহল।

উল্লেখ্য যে ইটালীয়ে ইয়াৰ পূৰ্বে ১৯৬৮ চনত ইউৰো কাপৰ খিতাপ জয় কৰিছিল। সেইবাৰ ইউৰো কোপৰ এখন মেচতো ইটালী পৰাস্ত হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in