আৰু কেইটামান ঘণ্টাঃ আৰম্ভ হ’ব ইউৰোপৰ মহাযুদ্ধ…

আৰু কেইটামান ঘণ্টাঃ আৰম্ভ হ’ব ইউৰোপৰ মহাযুদ্ধ…

আৰু মাত্ৰ কেইটামান ঘণ্টা, তাৰ পাছতেই আৰম্ভ হ'ব ফুটবলৰ মিনি বিশ্বকাপ হিচাপে খ্যাত ইউৰো কাপ। কোৰোনা ভাইৰাছৰ বাবে এবছৰ পিছুৱাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন এইবাৰ ব্যতিক্ৰম হিচাপে পৰিগণিত হৈছে। প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পোন প্ৰথমবাৰৰ বাবে সলনি হৈছে মেচ অনুষ্ঠিত কৰাৰ পদ্ধতি। পূৰ্বে কিদৰে অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা? মিনি বিশ্বকাপ হিচাপে পৰিচিত ইউৰো কাপৰ ইতিহাস, ইউৰো কাপৰ ষষ্ঠদশ সংস্কৰণ কিয় হৈ পৰিছে ব্যতিক্ৰম, কোনটো গ্ৰুপত কোনটো দলে স্থান লাভ কৰিছে, ক'ত কেনেকৈ কেইবজাৰ পৰা চাবলৈ পাৰিব ইউৰো কাপৰ মেচ এই সকলোদিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন

আৰু কেইটামান ঘণ্টাঃ আৰম্ভ হ'ব ইউৰোপৰ মহাযুদ্ধ…

কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিগত বৰ্ষৰ পৰাই সকলো ক্ষত্ৰলৈ নামি আহিল পৰিবৰ্তন। ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰাই লাহে লাহে এখন-দুখনকৈ বিশ্বৰ ক্ৰীড়া প্ৰতিযোগিতা বন্ধ হৈ পৰে। ইয়াৰ পিছত সমগ্ৰ বিশ্বতে আৰম্ভ হয় লকডাউন। লকডাউনৰ ফলত সকলো ক্ষেত্ৰতে স্থবিৰতা অহাৰ দৰে ক্ৰীড়া ক্ষেত্ৰখনো হৈ পৰিছিল সম্পূৰ্ণৰূপে স্থবিৰ। বাতিল হৈছিল বিভিন্ন সৰু-বৰ ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়া সমাৰোহ। অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এনে ঘটনা সৃষ্টি হ'ল য'ত মহামাৰীৰ বাবে এবছৰৰ বাবে পিছুৱাই দিয়া হ'ল অলিম্পিক। অলিম্পিকৰ উপৰিও ২০২০ চনত পিছুৱাই দিয়া অন্যান্য ক্ৰীড়া প্ৰতিযোগিতাৰ ভিতৰত আন এক গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা হ'ল ইউৰো কাপ বা উৱেফা ইউৰোপিয়ান চেম্পিয়নশ্বিপ।

কোৰোনাৰ বাবে এবছৰ পিছুৱাই দিয়া প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হ'বলৈ আগবাঢি়ছে। মাজত মাত্ৰ কেইটামান ঘণ্টা। আৰু কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ হ'ব ফুটবলৰ মিনি বিশ্বকাপ হিচাপে খ্যাত ইউৰো কাপ প্ৰতিযোগিতা। ১১ জুনৰ নিশাৰ পৰা অনুষ্ঠিত হ'বলগীয়া উৱেফা ইউৰিপিয়ান চেম্পিয়নশ্বিপৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে ইউৰোপৰ শক্তিশালী ২৪ খন দেশ।

পূৰ্বতকৈ ব্যতিক্ৰম হ'ব এইবাৰৰ ইউৰোকাপ…

শুক্ৰবাৰৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখন এইবাৰ আনবাৰতকৈ কিছু পৃথক হ'ব। বৰ্তমানলৈকে এই প্ৰতিযোগিতাখনৰ ১৫ টা সংস্কৰণ মুঠ ১৪ খন দেশে অনুষ্ঠিত কৰিছে। ২০০০, ২০০৮ আৰু ২০১২ চনৰ সংস্কৰণকেইটা দুখনকৈ দেশে যুটীয়াভাৱে অনুষ্ঠিত কৰিছিল। কিন্তু প্ৰতিযোগিতাৰ ৬০ বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এইবাৰ ১১ খন দেশে একেলগে ইউৰো কাপ অনুষ্ঠিত কৰিব। এই ১১খন দেশ হৈছে আজাৰবাইজান, ডেনমাৰ্ক, ইংলেণ্ড, জাৰ্মানী, হাংগেৰী, ইটালী, নেডাৰলেণ্ড, ৰোমানিয়া, ৰাছিয়া, স্কটলেণ্ড আৰু স্পেইন। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব মুঠ ২৪ টা দলে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব ১১ জুলাইত। প্ৰতিযোগিতাৰ গ্ৰোপ পৰ্যায়ৰ উপৰিও প্ৰী কোৱাৰ্টাৰ ফাইনেল,ছেমি ফাইনেল আৰু ফাইনেল সকলো পৰ্যায়ৰ মেচ হ'ষ্ট চহৰ অনুসৰি ভাগ কৰা হৈছে। এইবাৰ লণ্ডন, গ্লাছগো, কোপেনহগেন, চেভিল, বুদাপেষ্ট, আমষ্টাৰডাম, ৰোম, মিউনিখ, ৱাকু, বুখাৰেষ্ট আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গত চহৰত অনুষ্ঠিত হ'ব মেচসমূহ।

কোনটো গ্ৰোপত আছে আপোনাৰ প্ৰিয় দলটো…

মুঠ ২৪ টা দলে অংশগ্ৰহণ কৰিবলগীয়া ইউৰোকাপৰ দল সমূহক ছটা গ্ৰোপত বিভক্ত কৰা হৈছে। প্ৰতিটো গ্ৰোপত আছে চাৰিটাকৈ দল।

গ্ৰোপ এ- তুৰ্কী, ইটালী, ৱেলছ, চুইজাৰলেণ্ড

গ্ৰোপ বি- ডেনমাৰ্ক, ফিনলেণ্ড, বেলজিয়াম, ৰাছিয়া

গ্ৰোপ চি- নেডাৰলেণ্ড, ইউক্ৰেইন, অষ্ট্ৰিয়া, উত্তৰ মেচিডোনিয়া

গ্ৰোপ ডি- ইংলেণ্ড, ক্ৰোৱেছিয়া, স্কটলেণ্ড, চেক গণৰাজ্য

গ্ৰোপ ই- স্পেইন, চুইডেন, পোলেণ্ড, শ্লোভাকিয়া

গ্ৰোপ এফ- হাংগেৰী, পৰ্তুগাল, ফ্ৰান্স, জাৰ্মানী

ইতিহাসৰ পৃষ্ঠা লুটিয়াই…

ইউৰো কাপ প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ১৯৬০ চনত। অৱশ্যে এই প্ৰতিযোগিতাৰ আঁৰৰ ধাৰণাটো  বহু পুৰণি। ১৯২৭ চনতেই ফৰাচী ফুটবল ফেডাৰেচনৰ প্ৰশাসক হেনৰী ডেলাৱেনে এখন পেন ইউৰোপীয় ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ কেইবাছৰমান পিছত ডেলৱানেক উৱেফাৰ প্ৰথম সম্পাদক হিচাপে দায়িত্বও প্ৰদান কৰা হয়। কিন্তু এইগাৰকী ডেলৱানে আগবঢ়োৱা ইউৰোপীয় ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তাৱ গৃহীত হ'বলৈ সময় লাগে ৩১ বছৰ। অৱশ্যে এই প্ৰতিযোগিতাৰ ব্লু প্ৰিণ্ট প্ৰথমবাৰৰ বাবে ১৯৫৮ চনতেই প্ৰস্তুত কৰা হৈছিল। ইয়াৰ ৩ বছৰ পূৰ্বেই আকৌ ডেলৱানেৰ মৃত্যু হৈছিল।

 ১৯৬০ চনত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পিছত ইয়াৰ মূল ট্ৰফীটো ডেলৱানেৰ সন্মাত ৰখা হয়। প্ৰাৰম্ভিক পৰ্যায়ত, এই ট্ৰফীৰ সন্মুখভাগত "চেম্পিয়নট ডি'ইউৰোপ"আৰু কুপ হেনৰী ডেলৱানে এই নাম দুটা খুদিত কৰা হৈছিল। আনহাতে ট্ৰফীৰ পিছফালে এজন যুৱকৰ আকৃতি অংকন কৰা হৈছিল। এই ট্ৰফীৰ নিৰ্মানৰ দায়িত্ব আকৌ প্ৰদান কৰা হৈছিল হেনৰী ডেলৱানেৰ পুত্ৰ পিয়েৰক। ১৯৬০ চনৰ পৰা এই ট্ৰফ্ৰীয়েই প্ৰচলন হৈ আহিছিল যদিও ২০০৮ চনত এই ট্ৰফীৰ আঁকাৰ বৃদ্ধি কৰি পুনৰ নিৰ্মাণ কৰা হয়। ট্ৰফীত খোদিত কৰা হয় ৰূপ। আনহাতে ট্ৰফীৰ পিছফালে এতিয়া প্ৰতিযোগিতাত যুৱকৰ আকৃতিৰ পৰিবৰ্তে বিজয়ী দলৰ নামহে খন্নিৱিষ্ট কৰা হয়।

এই প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ সময়ত ইয়াৰ নামাকৰণ কৰা হৈছিল উৱেফা নেচনছ কাপ নামেৰে। আনহাতে ইয়াক ইউৰোপিয়ান ৰাষ্ট্ৰ কাপ বুলিও কোৱা হৈছিল।১৯৬৮ চনত ইয়াৰ নাম সলনি কৰি উৱেফা ইউৰিপিয়ান চেম্পিয়নশ্বিপ নাম দিয়া হয়। প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিছিল মুঠ ৪ টা দলে। এই দল কেইটা আছিল চেকোশ্লোভিয়া, ফ্ৰান্স, ছোভিয়েট ইউনিয়ন আৰু যুগোশ্লোভিয়া। প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণত ছোভিয়েট ইউনিয়নে যুগোশ্লোভিয়াক পৰাস্ত কৰি খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ স্পেইনে ছোভিয়েট ৰাছিয়াৰ সৈতে কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ অস্বীকাৰ কৰিছিল আৰু প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল।

আনহাতে ইউৰো কাপত অংশগ্ৰহণ কৰা বৰ্তমানৰ শক্তিশালী দেশ ইংলেণ্ড, জাৰ্মানী আৰু ইটালীৰ দৰে দেশেও প্ৰথম অৱস্থাত প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।  ১৯৬০ চনৰ পৰা ১৯৭৬ চনলৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আহিছিল মাত্ৰ ৪ টা দলেহে। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মুঠ ৮ টা দলে। ১৯৬৬ চনত এই সংখ্যা বৃদ্ধি হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা হয় ১৬ খন। ২০১৬ চনত আকৌ সৰ্বাধিক ২৪ টা দলৰ অংশগ্ৰহণেৰে ইউৰো কাপ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। এনেদৰেই ১৯৬০ চনৰ পৰা বৰ্তমানলৈকে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা বৃদ্ধি হৈ অহাৰ সমান্তৰালভাৱে বৃদ্ধি পালে জনপ্ৰিয়তা।

ইউৰোকাপৰ ফৰ্মেটঃ

ইউৰোকাপ প্ৰতিযোগিতাখন দুই প্ৰকাৰে অনুষ্ঠিত হয়। প্ৰথমে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইউৰোপীয় দেশ সমূহে যোগ্যতা অৰ্জনকাৰী খেলত অংশগ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পিছত প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জনকৰা দেশ সমূহে মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। অৱশ্যে আয়োজক দেশে প্ৰতিযোগিতাখনত ডাইৰেক্ত এণ্ট্ৰী লাভ কৰে।

প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা দেশসমূহক বৰ্তমান ছটা গ্ৰুপত বিভক্ত কৰা হৈছে আৰু ছটা গ্ৰুপতে চাৰিটাকৈ দল অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে প্ৰী কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰ পিছত পৰ্যায় ক্ৰমে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল মেচ অনুষ্ঠিত হয়।

ইউৰো কাপৰ আটাইতকৈ সফল দেশঃ

ইউৰো কাপৰ ষষ্ঠদশ সংস্কৰণৰ খেল শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব। আৰম্ভণিৰ পৰা বৰ্তমানলৈকে এই প্ৰতিযোগিতাত মুঠ ১০ খন দেশে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰ ভিতৰত জাৰ্মানী আৰু স্পেইনে সৰ্বাধিক ৩ বাৰকৈ চেম্পিয়নৰ খিতাপ দখল কৰিছে।ইয়াৰ উপৰিও ফ্ৰান্সে ২বাৰ আৰু ছোভিয়েট ইউনিয়ন, ইটালী, চেকোশ্লোভাকিয়া, নেডাৰলেণ্ড, ডেনমাৰ্ক, গ্ৰীচ আৰু পৰ্তুগালে এবাৰকৈ চেম্পিয়নৰ খিতাপ দখল কৰিছে। আনহাতে ইউৰোকাপৰ ইতিহাসত একাৰাহে দুবাৰকৈ ইউৰোকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা একমাত্ৰ দেশখন হৈছে স্পেইন। ইউৰো কাপৰ বিগত সংস্কৰণৰ চেম্পিয়ন পৰ্তুগালে যদি জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰে তেনে পৰ্তুগালেও স্পেইনৰ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব।

পৰ্তুগাল উইংগাৰ ৰ'নাল্ডোৱে সৃষ্টি কৰিব পাৰে ইতিহাসঃ

পৰ্তুগালৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ বাবে এইবাৰ ইউৰো কাপত ৰেকৰ্ড সৃষ্টিৰ এক সুবৰ্ণ সুযোগ আহিছে। প্ৰতিযোগিতাখনত যদি ৭ টা গ'ল কৰিবলৈ সক্ষম হয় তেনে ৰ'নাল্ডো হৈ পৰিব ফুটবলৰ ইতিহাসৰ সৰ্বাধিক গ'ল কৰা ফুটবলাৰ। বৰ্তমানলৈকে ৰ'নাল্ডোৱে ১৭৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১০৩ টা গ'ল কৰিবলৈ সক্ষম হৈছে। বিশ্ব ফুটবল ইতিহাসত সৰ্বাধিক গ'ল কৰা ফুটবলাৰৰ তালিকাত প্ৰথম স্থানত আছে ইৰাণৰ আলী দেই। আলীয়ে ১৪৯ খন মেচ খেলি ১০৯ টা গ'ল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ৰ'নাল্ডোৱে শুক্ৰবাৰৰ পৰা আৰম্ভ হ'বলগীয়া ইউৰো কাপত যে বহু কেইটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'ব সেয়া নিশ্চিত হৈ পৰিছে। আৰু মাত্ৰ এটা গ'ল কৰিব পাৰিলেই ৰ'নাল্ডো হৈ পৰিব ইউৰোৰ ইতিহাসৰ সৰ্বাধিক গ'ল কৰা ফুটবলাৰ। বৰ্তমান ৰ'নাল্ডো আৰু ফ্ৰান্সৰ মাইকেল প্লাটিনিকোৱে ৯ টাকৈ গ'ল কৰি ইউৰো কাপত সৰ্বাধিক গ'ল কৰা ফুটবলাৰৰ তালিকাত যুটীয়াভাৱে প্ৰথম স্থানত আছে। আৰু মাত্ৰ এটা গ'ল কৰিব পাৰিলেই ৰনাল্ডোৱে মাইকেল প্লাটিনকোক অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আনহাতে ইউৰোপ কাপ ২০২০ (২০২১)ৰ চেম্পিয়নৰ খিতাপ জয় কৰিব পাৰিলেই ধাৰাবাহিকভাৱে দুবাৰ ইউৰো জয়ী কৰা দ্বিতীয়জন অধিনায়ক। ইয়াৰপূৰ্বে স্পেইনৰ ইকাৰ কিচিলাছেহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ক'ত কেনেকৈ চাব পাৰিব ইউৰো কাপৰ মেচসমূহঃ ভাৰতীয় ফুটবল প্ৰেমিসকলে ছনি পিকচাৰ স্প'ৰ্টছ নেটৱৰ্কত প্ৰতিযোগিতাখনৰ লাইভ টেলিকাষ্ট উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও ছনি লাইভ এপৰ জড়িয়তেও উপভোগ কৰিব পাৰিব মেচসমূহ। ভাৰতীয় সময় অনুসৰি শুক্ৰবাৰৰ পৰা বিয়লি ৬ঃ৩০, নিশা ৯ঃ৩০ আৰু ১২ঃ৩০ ৰ বজাৰ পৰা উপভোগ কৰিব পাৰিব মেচসমূহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in