মাজ নিশালৈকে আছে ৩ খন যুঁজঃ অজ্ঞান ক্ৰিষ্টিয়ানে ঘূৰাই পালে জ্ঞান…

মাজ নিশালৈকে আছে ৩ খন যুঁজঃ অজ্ঞান ক্ৰিষ্টিয়ানে ঘূৰাই পালে জ্ঞান…

মাজ নিশালৈকে আছে ৩ খন যুঁজঃ অজ্ঞান ক্ৰিষ্টিয়ানে ঘূৰাই পালে জ্ঞান…

ডিজিটেল ডেস্কঃ ইউৰো কাপৰ গ্ৰুপ 'বি'ৰ ডেনমাৰ্ক আৰু ফিনলেণ্ডৰ মাজত শনিবাৰে নিশা ৯ঃ৩০ বজাত অনুষ্ঠিত হোৱা মেচখনত এক বৃহৎ অঘটন সংঘটিত হৈছে। মেচখনত ফিনলেণ্ডৰ বিপক্ষে খেলি থকাৰ মাজতে হঠাৎ মাটিত বাগৰি অজ্ঞান হৈ পৰে ডেনমাৰ্কৰ তাৰকা মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকছন। খেল পথাৰত খেলি থকাৰ মাজতে বাওঁ ফ্লেগেৰে দৌৰি থকা অৱস্থাত মাটিত বাগৰি পৰা ক্ৰিষ্টিয়ান এৰিকছনক ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।এই সময়ছোৱাত ক্ৰিষ্টিয়ানক তেওঁৰ সতীৰ্থসকলে চাৰিওপিনৰ পৰা থিয় হৈ আগুৰি ৰাখিছিল। ইয়াৰ পিছত ফুটবলাৰগৰাকীক এখন ষ্ট্ৰেচাৰত উঠাই দৰ্শকে দেখি নোপোৱাকৈ আৱৰি ধৰি খেলপথাৰৰ পৰা বাহিৰলৈ লৈ যোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত ক্ৰিষ্টিয়ানে চিকিৎসালয়ত জ্ঞান ঘূৰাই পায়।

সতীৰ্থ ক্ৰিষ্টিয়ানৰ এনে অৱস্থাৰ পিছত স্বাভাৱিকতেই ডেনমাৰ্কে নিজৰ স্বাভাৱিক ছন্দ হেৰুৱাই আৰু প্ৰথমবাৰৰ বাবে ইউৰো কাপৰ যোগ্যতা অৰ্জন কৰা ফিনলেণ্ডৰ হাতত ১-০ত পৰাস্ত হয়। এই ঘটনাৰ পিছতে অৱশ্যে কিছু বিতৰ্কৰো সূচনা হৈছে। তাৰকা মিডফিল্ডাৰ ক্ৰিষ্টিয়ানৰ জীৱন-মৰণৰ মাজত চলি থকা যুঁজখনৰ মাজতে মেচখনৰ বাকী থকা খেল অনুষ্ঠিত কৰাকলৈ প্ৰশ্ন উত্থাপন হৈছে। ফুটবল বিশেষজ্ঞই কৈছে যদি ক্ৰিষ্টিয়ানৰ এই ঘটনাৰ বাবে বিশ্বৰ ১০ নং স্থানৰ ডেনমাৰ্ক প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয় তেনে উৱেফাৰ কৰ্তৃপক্ষই তেনে পৰিস্থিত মেচ অনুষ্ঠিত কৰাটো জৰুৰী আছিল নে নাই, সেই বিষয়ত উত্তৰ প্ৰদান কৰিব লাগিব।

শনিবাৰে নিশা ১২ঃ৩০ বজাত ছেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়ামত অনুষ্ঠিত ইউৰো কাপৰ গ্ৰুপ 'বি'ৰ বেলজিয়াম আৰু ৰাছিয়াৰ মাজৰ খেলখনত বেলজিয়ামে ৰাছিয়াক ৩-০ত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে।মেচখনত বেলজিয়ানৰ তাৰকা ষ্ট্ৰাইকাৰ ৰোমেলু লুকাকুৱে ১০ আৰু ৮৯ মিনিটত দুটাকৈ গ'ল কৰাৰ উপৰিও ৩৪ মিনিটত থমাছ মুনিয়াই এটা গ'ল কৰিবলৈ সক্ষম হয়।

ইফালে দেওবাৰে সন্ধিয়া ৬ঃ৩০ বজাত গ্ৰুপ 'ডি'ৰ এখন মেচত ইংলেণ্ড আৰু ক্ৰোৱেছিয়া মুখামুখি হব। ইয়াৰ পিছত নিশা ৯ঃ৩০ বজাত অষ্ট্ৰীয়া আৰু উত্তৰ মেছিডনিয়াৰ মাজত গ্ৰুপ 'চি'ৰ আৰু মাজ নিশা ১২ঃ৩০ বজাত নেদাৰলেণ্ড আৰু ইউক্ৰেইনৰ মাজত গ্ৰুপ 'চি'ৰ আন এখন মেচ অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in