সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষ অনুষ্ঠানৰ লাইখুঁটা স্থাপন….

সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষ অনুষ্ঠানৰ লাইখুঁটা স্থাপন….

ডিজিটেল ডেস্ক : শিৱসাগৰ নাজিৰা মেছাগড়ত অনুষ্ঠিত হ'বলগীয়া সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষ অনুষ্ঠানৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা ৰীতিনীতি নিয়মেৰে মাজেৰে মেছাগড় তিনিআলিৰ সমীপৰ মুকলি পথাৰত বিভিন্ন প্ৰান্তৰ পৰা বৰগোহাঁই বংশধৰ সকলৰ উপস্থিতি এই লাইখুঁটা স্থাপন কৰা হয় ৷

উল্লেখ যে আহোম জনগোষ্ঠীৰ প্ৰসিদ্ধ বৰগোঁহাই বংশধৰ সকলৰ ঐক্য – সংহতি তথা বংশৰ মৰ্য্যদা,ঐতিহ্য , পৰম্পৰা অৰ্থে ১৯২১ চনৰে পৰা আধুনিক যুগৰ বৰগোঁহাই বংশাৱলী অনুস্থিত হৈ আহিছে । ইতিমধ্যে আধুনিক কালৰ এই বংশাৱলীখনি শতৰ্বষত উপনীত হৈছে ৷ এই গৌৰৱোজ্বল শতবাৰ্ষিকী অনুষ্ঠানটি অনুষ্ঠিত কৰা এইবাৰ শিৱসাগৰ জিলাৰ মেছাগড় অহা ৬ আৰু ৭ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in