নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত মহাবাহুৰ কালৰূপঃ চেকবান্ধৰ প্ৰতি তীব্ৰ ভাবুকি…

নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত মহাবাহুৰ কালৰূপঃ চেকবান্ধৰ প্ৰতি তীব্ৰ ভাবুকি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গড়াখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে শ-শ বিঘা কৃষি ভূমি। চকুৰ সমুখতে ইখনৰ পিছত সিখন কৈ ঘৰ জাহ গৈছে নদীৰ বুকুত। তিনি নম্বৰ চেক বান্ধটোও খহাবলৈ আৰম্ভ কৰাত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী মথাউৰিটোৰ প্ৰতিও।

মথাউৰিটোলৈ মাজত মাত্ৰ কেইমিটাৰ মানহে বাকী থকাত আতংকিত হৈ উজাগৰী নিশা পাৰ কৰিছে নৈপৰীয়া ৰাইজে। কেনেবাকৈ যদি উক্ত মথাউৰিটো খহনীয়াৰ কৱলত পৰে তেন্তে নাৰায়ণপুৰৰ লগতে গহপুৰ মহকুমাৰ বিস্তীৰ্ণ অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ বানত যে বুৰ যাব ই নিশ্চিত। ইমানৰ পিছতো স্থায়ী প্ৰতিৰোধৰ বিপৰীতে বাহ-জেঙেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মন্ত্ৰী কেশৱ মহন্তৰ বিয়াগোম জলসম্পদ বিভাগে।

খৰালি কোনোদিন খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাবলৈ আহৰি নোপোৱা জলসম্পদ বিভাগে বাৰিষাহে উক্ত অঞ্চলটোলৈ মনত পৰে বুলি অভিযোগ উথ্বাপন কৰে স্থানীয় ৰাইজে। জলসম্পদ বিভাগে অঞ্চলটোৰ ৰাইজক লৈ ল'ৰা-ধেমালি কৰা বুলিও গুৰুতৰ অভিযোগ তুলিছে ৰাইজে। এনে এক জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছতো খবৰ লবলৈ আহৰি নাই স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসৰ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে আতংকিত বনপুৰৈ-জামুগুৰিবাসী ৰাইজে উক্ত খহনীয়াস্থলীত নাম-কীৰ্ত্তন কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ শৰনাপন্ন হৈছিল। নদীৰ বুকুত ভোগ-নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত কাকুতি-মিনতি কৰিছিল দুৰ্ভগীয়া লোকসকলে। এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা কুক্ষিগত কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এই সকল দুৰ্ভগীয়া লোকৰ খবৰ লবলৈ আহৰি পাবনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in