শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

মহামাৰী কোৰোনা ঘাইকৈ বতাহৰ যোগেদি বিয়পেঃ বিশেষজ্ঞ

2,152

ডিজিটেল ডেস্কঃ শনিবাৰে ‘লেনচেট’ নামৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীখনত প্ৰকাশিত এটি মূল্যায়ণমূলক লেখাত কোৰোনাৰ আঁৰৰ ‘এছ এ আৰ এছ-কভ-২’ ভাইৰাছ প্ৰধানতঃ বতাহৰ যোগেদি বিয়পাৰ কথা প্ৰকাশ পায়। আমেৰিকা, ব্ৰিটেইন আৰু কানাডাৰ কেইগৰাকীমান বিশেষজ্ঞই কৰা বিশ্লেষণৰ মতে, কোৰোনা ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰত থকাৰ প্ৰধান কাৰণ হ’ল- ‘এছ এ আৰ এছ-কভ-২’ ভাইৰাছ ঘাইকৈ বায়ুত ভাঁহি থাকে।

বায়ুত এই ভাইৰাছ দ্ৰুতভাৱে বিয়পাৰ ফলত জনসাধাৰণ অসুৰক্ষিত হৈ পৰে। আমেৰিকাৰ ইউনিৰ্ভাৰচিটি অব্ কলবাডোৰ জ’ছ-লুইছ জিমেনেজে কয় যে, বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন আন জনস্বাস্থ্য সংস্থা সমূহে বিশেষজ্ঞ সকলৰ বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত গুৰুত্ব দিয়াটো জৰুৰী। তেতিয়াহে মহামাৰী কোৰোনা সংক্ৰমণ হ্ৰাস কৰা সহায় হ’ব।

বিশেষজ্ঞ সকলে কয় যে, ‘এছ এ আৰ এছ-কভ-২’ ভাইৰাছৰ সংক্ৰমণৰ হাৰ ঘৰৰ বাহিৰতকৈ ঘৰৰ ভিতৰত বহুত বেছি। ঘৰৰ ভিতৰত বতাহ চলাচলৰ ভাল ব্যৱস্থা থাকিলেহে এই ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাই বুলি বিশেষজ্ঞ সকলে সদৰি কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি