চামগুৰিত ভাৰত বিৰোধী পোষ্ট শ্বেয়াৰ কৰি এজন গ্ৰেপ্তাৰ…

চামগুৰিত ভাৰত বিৰোধী পোষ্ট শ্বেয়াৰ কৰি এজন গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ,চামগুৰিঃ ভাৰত বিৰোধী একাধিক পোষ্ট এটা বিতৰ্কিত পেজৰ পৰা নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰি এতিয়া স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ৰোষত পৰিছে চামগুৰিৰ এজন কংগ্ৰেছ কৰ্মী। পাকিস্তানৰ লগতে পাকিস্তানী সেনাবাহিনীক সমৰ্থন কৰাৰ উপৰিও কাশ্মীৰ প্ৰসংগ উল্লেখ কৰি ফেচবুকত দিয়া বিভিন্ন ভাৰত বিৰোধী পোষ্ট শ্বেয়াৰ কৰিছিল চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬নং ভগামুখৰ হাছেন আলী নামৰ এজন কংগ্ৰেছ কৰ্মীয়ে।

ইয়াৰ পাছতেই চামগুৰিৰ লাওখোৱাৰ জয়ন্ত মণ্ডল নামৰ এজন লোকে ঘটনা সন্দৰ্ভত শুক্ৰবাৰে নিশা এজাহাৰ দাখিল কৰে লাওখোৱা চৰ-চাপৰি আৰক্ষী চকীত। ইয়াৰ পাছতেই নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কংগ্ৰেছ কৰ্মী হাছেন আলীক পোন প্ৰথমে সোধ-পোছৰ বাবে আটক কৰে যদিও পাছত গ্ৰেপ্তাৰ কৰে হাছেন আলীক।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা লোকজন প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেনৰ অতিকে ঘনিষ্ঠ আছিল বুলি সম্প্ৰতি ৰাইজৰ মাজত তুমুল চৰ্চা চলিছে। কিছুদিন পূৰ্বে চামগুৰিৰ লাওখোৱাত হোৱা ভয়াৱহ বানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেনক বান পৰিস্থিতি পৰিদৰ্শন কাৰ্যসূচীত হাছেন আলীয়ে সংগ দিয়াৰ বহুবোৰ ভিডিঅ' ইতিমধ্যে পোহৰলৈ আহিছে। অৱশ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অভিযুক্ত হাছেন আলীৰ ওপৰত জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in