ভাৰতৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ইংলেণ্ডৰ ক্ৰিকেট দলৰ খেলুৱৈৰ তালিকা ঘোষণা…

ভাৰতৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ইংলেণ্ডৰ ক্ৰিকেট দলৰ খেলুৱৈৰ তালিকা ঘোষণা…

ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে খেলপথাৰত টেষ্ট শৃংখলা খেলি আছে ইংলেণ্ডে। কিন্তু তাৰ মাজতে আহিছে আন এক খবৰ। দুয়োখন দেশৰ মাজত হ'ব লগা আগন্তুক টি-২০ শৃংখলাৰ বাবে ইংলেণ্ডৰ খেলুৱৈসকলৰ তালিকা ঘোষণা কৰা হৈছে। উল্লেখ্য যে, অহা ১২ মাৰ্চ, ২০২১ৰ পৰা আৰম্ভ ভাৰত বনাম ইংলেণ্ডৰ টি-২০ শৃংখলা।

অহা ২৬ ফেব্ৰুৱাৰীত টি-২০ৰ বাবে ভাৰতত আহি উপস্থিত হ'বহি ইংলেণ্ডৰ ক্ৰিকেট দলটো। আৰু এই শৃংখলাৰ আটাইকেইখন মেচ খেলা হ'ব আহমেদাবাদত। উল্লেখ্য যে, টি-২০ শৃংখলা শেষ হোৱাৰপাছতেই ৩খন এদিনীয়া মেচৰ বাবে সাজু হ'ব ইংলেণ্ড।

টি-২০ শৃংখলাৰ বাবে ইংলেণ্ডৰ দলত আছে ম'ইন অলী, জ'ছ বাটলৰ, জোফ্ৰা আৰ্চৰ, জ'নী বেয়ৰষ্ট', ছেম বিলিংগছ, ছেম কুৰেন, ট'ম কুৰেন, ক্ৰিছ জ'ৰ্ডান, লিবিংগষ্ট'ন, ডেভিড মালান, আদিল ৰাছিদ, জেছন ৰয়, বেন ষ্ট'কছ, ট'পলে, মাৰ্ক বুড। এই টি-২০ শৃংখলাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মেচ চাবলৈ এতিয়া অতি আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in