বিশ্বকাপত সৰ্বাধিক ছয় কোবাই বিশ্ব ৰেকৰ্ড গঢ়িলে ইয়ন মৰ্গেনে

বিশ্বকাপত সৰ্বাধিক ছয় কোবাই বিশ্ব ৰেকৰ্ড গঢ়িলে ইয়ন মৰ্গেনে

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটত মঙলবাৰে ইংলেণ্ডৰ বেটছমেন ইয়ন মৰ্গেনে গঢ়িলে এক নতুন ৰেকৰ্ড। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ১৭ টা ৬ কোবাই এক নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে খেলুৱৈজন। মানচেষ্টাৰত আফগানিস্তানৰ বিৰুদ্ধে মঙলবাৰে ১৭ টাকৈ ৬ মাৰি খেলুৱৈজনে কৰা এই ৰেকৰ্ডৰ পূৰ্বে ১৬ টা ৬ কোবাই এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক ছয়েৰে তালিকাৰ শীৰ্ষত আছিল ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা, ৱেষ্ট ইণ্ডিছৰ ক্ৰীছ গেইল আৰু দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছকে ধৰি ৩ গৰাকী খেলুৱৈ।

ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মাই ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০৯ ৰান সংগ্ৰহ কৰাৰ সময়ত ১৬ টা ৬ কোবোৱাৰ লগতে এ বি ডি ভিলিয়াৰ্ছে ২০১৫ চনত আৰু ক্ৰীছ গেইলে ২০১৫ চনত গঢ়িছিল এই ৰেকৰ্ড। উল্লেখ্য যে, মঙলবাৰৰ খেলখনত ইয়ন মৰ্গেনে ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে ৭১ টা বলত সংগ্ৰহ কৰে ১৪৮ ৰান। ইফালে মঙলবাৰৰ সৰ্বাধিক ৬ কৰাৰ ৰেকৰ্ডৰ লগতে মাত্ৰ ৬ৰ জৰিয়তে ১০০ ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে বিবেচিত হৈছে ইয়ন মৰ্গেন।

আফগানিস্তানৰ বিৰুদ্ধে মঙলবাৰৰ ইনিংছটোত ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৯৭ ৰান। অ'ল্ড ট্ৰাফৰ্ড গ্ৰাউণ্ডত অনুষ্ঠিত মঙলবাৰৰ মেচখনত ইংলেণ্ডৰ এই ৰান বিশ্বকাপ ক্ৰিকেটত দলটোৰ সৰ্বাধিক ৰান হোৱাৰ লগতে কোনো এটা ইনিংছত সৰ্বাধিক ২৫ টা ছয় কোবোৱা প্ৰথমটো দল হিচাপে বিবেচিত হ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in