পি চিদাম্বৰমৰ বিদেশ যাত্ৰাৰ সম্পূৰ্ণ খৰছ বহন কৰিছিল এটা ভূৱা কোম্পানীয়ে…

পি চিদাম্বৰমৰ বিদেশ যাত্ৰাৰ সম্পূৰ্ণ খৰছ বহন কৰিছিল এটা ভূৱা কোম্পানীয়ে…

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ বিৰুদ্ধে তদন্ত চলাই অন্য এক বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ইডিয়ে। আইএনএক্স মিডিয়া কেলেংকাৰীত নাম সাঙোৰ খাই পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিদেশ যাত্ৰাৰ সম্পূৰ্ণ খৰছ তেওঁৰ পুত্ৰৰ নামত থকা এটা ভুৱা চেল কোম্পানীৰ পৰা কৰা হৈছিল বুলি দাবী কৰিছে ইডিয়ে।

ইডিয়ে দাবী কৰা মতে, যোৱা বছৰতে ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্তি চিদাম্বৰমৰ চাৰ্টাড একাউন্ট ভাস্কৰ ৰমনে এই কথা স্বীকাৰ কৰিছে। কাৰ্তি চিদাম্বৰমৰ দ্বাৰা পৰিচালিত চেন্নাইৰ চেছ গ্ল'বেল এডভাইজৰী চাৰ্ভিচেছ নামৰ কোম্পানীটোত তালাচী চোলাৱৰ সময়ত কিছু দস্তাৱেজ আৰু হাৰ্ড ডিস্ক জব্দ কৰিছিল ইডিয়ে। সেই দস্তাবেজ আৰু হাৰ্ড ডিস্কসমূহ চাৰ্টাড একাউন্টেন্ট ভাস্কৰ ৰমণক দেখুৱাই ইডিয়ে সোধা পোছা চলোৱাত পি চিদাম্বৰমৰ যাত্ৰাৰ সকলো খৰছ এটা ভুৱা কোম্পানীৰ দ্বাৰা কৰা হৈছিল বুলি স্বীকাৰ কৰে ভাস্কৰ ৰমণে।

ইডিৰ এক সূত্ৰই সদৰী কৰা মতে, বিগত বৰ্ষত গ্ৰেপ্তাৰ হোৱা চাৰ্টাড একাউন্টেন্ট ভাস্কৰ ৰমণে ইয়াৰ পূৰ্বে পি চিদাম্বৰমৰ যাত্ৰাৰ খৰছ অন্য কোম্পানীয়ে বহন কৰাৰ কথা অস্বীকাৰ কৰিছিল। কিন্তু ইডিৰ তদন্তকাৰী বিষয়াই তথ্য দেখুৱাই চলোৱা সোধা পোছাত অৱশেষত তেওঁ এই কথা স্বীকাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in