গুৱাহাটীত কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ বৈঠকত ভৱিষ্যত নিধিৰ সুতৰ হাৰ ৮.১ শতাংশলৈ হ্ৰাসৰ সিদ্ধান্ত…

গুৱাহাটীত কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ বৈঠকত ভৱিষ্যত নিধিৰ সুতৰ হাৰ ৮.১ শতাংশলৈ হ্ৰাসৰ সিদ্ধান্ত…

ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত হোৱা কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন চমুকৈ ই পি এফ অ'য়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৩০ সংখ্যক ই পি এফ অ'ৰ চেণ্ট্ৰেল ব'ৰ্ড অফ ট্ৰাষ্টিৰ এই বৈঠকত ২০২২ বৰ্ষৰ কৰ্মচাৰীৰ ভৱিষ্যত নিধিৰ সুতৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে ৮.১ শতাংশ। উল্লেখ যোগ্য যে, ইয়াৰ আগৰটো বছৰত এই সুতৰ হাৰ আছিল ৮.৫ শতাংশ।

চাৰিটা দশকৰ ভিতৰত এইয়াই হ'ব ভৱিষ্যত নিধিৰ আটাইতকৈ কম সুতৰ হাৰ। ইয়াৰ পূৰ্বে ১৯৭৭ চনৰ পৰা ৮৭ চনলৈ এই সুতৰ হাৰ আছিল ৮ শতাংশ। ই পি এফ অ'ৰ বৈঠকত লোৱা এই সিদ্ধান্ত বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ'ব। উল্লেখযোগ্য যে ই পি এফ অ'ৰ অধীনত সমগ্ৰ দেশত ৫ কোটিৰো অধিক ভৱিষ্যত নিধিৰ ধন জমা থোৱা উপভুক্তা কৰ্মচাৰী আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in