বিশিষ্ট সাহিত্যিক,সমালোচক ‘সাহিত্য প্ৰাণ’ ড০ কুতুবুদ্দিন আহমেদৰ ইহলীলা সম্বৰণ…

বিশিষ্ট সাহিত্যিক,সমালোচক  ‘সাহিত্য প্ৰাণ’ ড০ কুতুবুদ্দিন আহমেদৰ ইহলীলা সম্বৰণ…

ডিজিটেল ডেস্ক : বিশিষ্ট সাহিত্যিক,সমালোচক,অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা অধ্যাপক ড০ কুতুবুদ্দিন আহমেদ আৰু নাই । দেওবাৰে ৰাতিপুৱা ৬ বজাত মহানগৰীৰ ইন্টাৰনেচনেল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকী । দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল আহমেদ । ৭৩ বছৰ বয়সত ইহলীলা সম্বৰন কৰে সমালোচক গৰাকীয়ে ।

১৯৪৮ চনৰ ৩ জানুৱাৰীত পুলিবৰত জন্ম লাভ কৰে বিশিষ্ট সাহিত্যিক কুতুবুদ্দিন আহমেদ । তেখেতৰ পিতৃৰ নাম হাচান আলি আৰু মাতৃৰ নাম মেহেৰুণ নিছা আলি । গুৱাহাটী বিশ্ববিদ্যছালয়ৰ পৰা ইংৰাজী সাহিত্য আৰু অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে " জ্যোতি প্ৰসাদ আগৰৱালা নাট্য শিল্প " বিষয়ত ১৯৮৯ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে ।

বিশিষ্ট সাহিত্যিক গৰাকীয়ে দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ৰূপে অবসৰ গ্ৰহন কৰাৰ পিছতে প্ৰাচ্যবিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষনা সংস্থানৰ অবৈতনিক পঞ্জীয়ক আৰু ভেলী হাই একাডেমী কণিষ্ঠ মহাবিদ্যালয়ৰ অবৈতনিক ৰেক্টৰ হিচাপে কাৰ্যনিবাহ কৰে ।

এইগৰাকী বিশিষ্ট সাহিত্যিক অসময়া সাহিত্যলৈ অনবদ্য অৰিহনা আগবঢ়াইছে । ইংৰাজী সাহিত্যৰ চমু বুৰঞ্জী, শিল্পী-নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা,সাহিত্য কোষ, বিশ্ব সাহিত্যৰ সৌৰভ,শ্বায়েৰীৰ দৰে,এশ এটা অসমীয়া শ্বয়েৰী,মিত্ৰদেব মহন্ত,অসমীয়া ঐতিহাসিক উপন্যাসৰ গতিধাৰা,নিৰ্বাচিত অসমীয়া শ্বায়েৰী,শিল্প আৰু শিল্পবোধ,বাদাদুৰ গাওঁবুঢ়া,সান্নিধ্যৰ মধুৰ সোঁৱৰণ,নীল নদীৰ ইপাৰে,টেইমচৰ সিপাৰে,আমেৰিকা ভ্ৰমণৰ ডায়েৰী, সাহসী মামনি,জ্যোতি -চিন্তা,, অসমৰ সংগীত : ঐতিহ্য আৰু পৰম্পৰা, ইংৰাজীত কথাপাতো আহক আদি সহিত্য কৰ্মৰ বিশিষ্ট সাহিত্যিক গৰাকীৰ সৃষ্টি ।

ইয়াৰ উপৰিও দেশ- বিদেশৰ আলোচনীত এশমান সাহিত্য আৰু সংস্কৃতি বিষয়ক নিবন্ধ,বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ সমল ব্যক্তি,বিভিন্ন দৈনিক আৰু মাহেকীয়া সাহিত্য আলোচনীৰ গ্ৰন্থ – সমালোচক ৰূপে জড়িত এই বিশিষ্ট সাহিত্যক গৰাকী ।

অসম চৰকাৰে বিশিষ্ট সমালোচক গৰাকীক ২০১১ চনত 'সাহিত্য বঁটা" প্ৰদান কৰাৰ লগতে ২০১৩ চনত " সাহিত্যিক পেণ্সন " প্ৰদান কৰে । আনহাতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাই ড০ কুটুবুদ্দিন আহমেদক " সাহিত্য প্ৰাণ " উপাধি প্ৰদান কৰে । সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন জনে শোক প্ৰকাশ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in