বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা- ২০২১’ প্ৰদান…

বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা- ২০২১’ প্ৰদান…

ডিজিটেল ডেস্ক : বুধবাৰে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন । পৰাগ কুমাৰ দাসৰ এই ওপজা দিনটোত ৰাজ্য বাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে । ৰাজগড়ত থকা পৰাগ কুমাৰ দাসৰ স্মৃতি সৌধত প্ৰয়াত সাংবাদিক গৰাকীৰ পত্নী পূৰবী দাসে বন্তি প্ৰজ্জ্বলন কৰে ।

ইফালে পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা হয় 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা -২০২১ ' । বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক প্ৰদান কৰা হয় এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । প্ৰয়াত সাংবাদিক গৰাকীৰ পত্নী পূৰৱী দাসে বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ।

অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাই বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক প্ৰদান কৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা -২০২১ । বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয় যে – এই বঁটা প্ৰদান কৰিব পাই মই অত্যন্ত গৌৰৱাম্বিত হৈছো । এজন ফটো সাংবাদিক এই বঁটা প্ৰদান কৰাৰ বাবে আনন্দিত হৈছো । ফটো জাৰ্ণেলিষ্টৰ প্ৰতি মোৰ নিজৰেই দুৰ্বলতা আছে । এখন ফটোই কেতিয়াবা সংঘাটিক কাম কৰিব পাৰে যিটো কাম এহেজাৰটা লিখনিয়েও কৰিব নোৱাৰে ।

অনুষ্ঠানটোত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ ৰাজীৱ সন্দিকৈয়ে । সন্দিকৈয়ে ভাষনত কয় যে প্ৰয়াত সাংবাদিক গৰাকীৰ জন্ম দিনটোত দেখেতক শ্ৰদ্ধা নিবেদিছো । পৰাগ দা জীয়াই থকা হ'লে আজি ষাঠি বছৰ হ'লহেতেন । তেওঁ জীয়াই থকা হ'লে হয়তো অসম খন এনেকুৱা নহ'ল হেতেন । তেওঁ ইয়াৰ ৰূপ ৰেখা কিছু পৰিমানে হ'লেও সলিনি কৰিলে হয় । কাৰন তেখেতৰ সেই ক্ষমতা আছিল । তেখেতৰ কলমত সেই জোৰ । বুধবাৰ আৰু পৰাগ দা আমাৰ জীৱনৰ এক অংশ আছিল । ইফালে সন্দিকৈয়ে বঁটা প্ৰাপক অনুপম নাথকো অভিনন্দন জনায়।

বঁটা গ্ৰহন কৰি অনুপম নাথ অতি আবেগিক হৈ পৰে । নাথে ভাষনত কয় যে – মোক বঁটা প্ৰদান কৰা হৈছে । কিন্ত মই এতিয়াও ভাবিব পৰা নাই মই ইয়াৰ বাবে যোগ্য হয় নে নহয় । মই আচলতে মুখেৰে কথা কোৱা মানুহ হয় । মই ছবিৰেহে কথা কওঁ । এই বঁটা মোৰ কাৰণে এটি খুব ডাঙৰ স্বীকৃতি । মই বহু ৰাষ্ট্ৰীয়- আন্ত ৰাষ্ট্ৰীয় বঁটা পাইছো যদিও নিজৰ ঠাইৰ পৰা পোৱা এনে স্বীকৃতিয়ে সঁচাই কিমান উৎসাহিত কৰে মই ভালকে উপলব্ধি কৰিছো ।

ইফালে অনুষ্ঠানটোত ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা উপস্থিতি থাকি কয় যে – যি সন্তানে জাতীয় প্ৰেক্ষাপটত এটা যুগান্তকাৰী ঘটনা হৈ ধৰা দিছিল আৰু বহু মেধা হোৱা স্বত্তেও এটি চাকৰিৰ পিছলৈ নগৈ সাংবাদিকতাত আত্মনিয়োগ কৰিছিল । এটি আদৰ্শ বুকুত বান্ধি মৃত্যুৰ মুখলৈও আগবাঢ়ি গৈছিল । সেইজনেই পৰাগ দাস । বহু কমসময়তে অসমীয়া জাতিৰ অসমৰ থলুৱা মানুহৰ চিন্তা চৰ্চাক যি ধৰণে জোকাৰি গ'ল তাৰ তুলনা পাবলৈ নাই ।

এই অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সাংবাদিক বেদব্ৰত বৰাই । অনুষ্ঠানটোত বিভিন্ন জনে পৰাগ দাসৰ আলোক চিত্ৰত ফুল অৰ্পন কৰি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰে । অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক মনোৰম গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈ,বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, বিশিষ্ট সাংবাদিক কিশোৰ কুমাৰ ভট্টচাৰ্য আৰু ধৈৰ্য্য হাজৰিকাৰ লগতে কংগ্ৰেছ নেত্ৰী মিৰা বৰঠাকুৰ উপস্থিত থাকে । পৰাগ কুমাৰ দাসৰ জন্মদিনৰ লগত সংগতি ৰাখি বিগত ১২ বছৰ ধৰি এঅ বঁটা প্ৰান কৰি অহা হৈছে ।

ইফালে, পুৱা ভাগত পূৰ্বৰ দৰেই ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাস আৰু ভাতৃ জ্যোতি দাসে পৰিয়াল সমন্বিতে ৰাজগড়ৰ স্মৃতিস্থলী ক্ষেত্ৰত তেওঁৰ অৱক্ষমূৰ্তিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in