অৱনী শইকীয়াৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

অৱনী শইকীয়াৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাগীৰোডৰ মানৱদৰদী ব্যক্তি, সমাজ কৰ্মী, প্ৰকৃতিপ্ৰেমী, সুদক্ষ খেলুৱৈ আৰু বিজ্ঞান মানসিকতাৰ অধিকাৰী ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য অৱনী শইকীয়াৰ ৬ ডিচেম্বৰৰ পুৱতি নিশা ৬২ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। প্ৰয়াত ত্রয়োধৰ শইকীয়া আৰু শ্যামালতা শইকীয়াৰ সুযোগ্য পুত্ৰ অৱনী শইকীয়াত জন্ম হয় ১৯৫৯ চনত। ১৯৭৮ চনত তিনিচুকীয়া কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি Central Forest Ranger Institute, মহাৰাষ্ট্ৰৰ পৰা ১৯৮২-৮৩ চনত ৰেঞ্জাৰ হিচাবে সুখ্যাতিৰে ডিপ্লোমা লাভ কৰে। ইয়াৰ পিছত তেওঁ অসম গেছ কোম্পানী আৰু নগাঁও কাগজ কলত ১৯৯১ চনলৈ কাৰ্যনিৰ্বাহ কৰে।

নগাঁও কাগজ কল বন্ধ হৈ যোৱাত পৰিয়ালটো কঠিন অভাৱ অনাটনৰ সমুখীন হয় আৰু কষ্টকৰ জীৱন সংগ্ৰামৰ মাজেৰে দিন অতিবাহিত কৰিবলৈ বাধ্য হয়। প্ৰকৃতিৰ প্ৰতি তীব্ৰ আকর্ষণ অনুভৱ কৰা শইকীয়াই নিজৰ বাৰীত শস্য উৎপাদন আৰু বিভিন্ন গছ গছনি ৰোপন কৰাৰ উপৰিও চৰাই ছিৰিকতিৰ বাবে বাঁহ সাজি দিছিল আৰু নিয়মিতভাৱে সিহঁতক খাদ্যৰ যোগান ধৰিছিল। অৱনী শইকীয়াই চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন তথা মানব কল্যাণৰ হকে ইলোৰা বিজ্ঞান মঞ্চ, জাগীৰোড শাখাৰ জৰিয়তে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি গৈছিল। ৩ ডিচেম্বৰ ২০২২ত হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বিকল হোৱাত গুৱাহাটী মেডিকেল কলেজত আই চি ইউত ভৰ্তি কৰোৱা হয়। কিন্তু যোৱা ৬ ডিচেম্বৰত শেষ নিঃশ্বাস ত্যাগ কৰে।

অৱনী শইকীয়াৰ শেষ ইচ্ছাক সন্মান জনাই আৰু পৰিয়ালৰ সদস্যসকলৰ সন্মতিক্ৰমে তেখেতৰ মৃতদেহ ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া সকলৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ উপস্থিতিত এনাটমি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ জয়দেৱ শৰ্মাৰ হাতত হস্তান্তৰ কৰা হয়। চিকিৎসালয় কৰ্তৃপক্ষৰ হৈ ডাঃ অভিজিৎ শৰ্মাই মৃতকৰ পৰিয়ালবৰ্গ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য শিশিৰ ভট্টাচাৰ্য, অনুপ ৰায়চৌধুৰী, নৰেন মহন্ত, জগদীশ দত্তৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে বিজ্ঞান মঞ্চৰ যুটীয়া সচিব প্ৰণৱজ্যোতি ডেকাই।ইয়াৰ আগতে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰায়লত তেওঁৰ চকুৰ কৰ্নিয়া দান কৰা হয় যাৰ ফলত দুগৰাকী অন্ধব্যক্তিয়ে দৃষ্টি শক্তি ঘূৰাই পাব।

অৱনী শইকীয়াৰ অকাল বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিজ্ঞান আন্দোলনৰ একনিষ্ঠ সেৱক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ একমাত্ৰ পুত্ৰ মাধুৰ্য, পত্নী মানবী শইকীয়া, ভাতৃ দীপক শইকীয়া সম্বলীতে শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি জ্ঞাপন সমাবেদনা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in