Published on:
Updated on:
- নগাঁৱত পুনৰ চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ।
- চোৰাঙকৈ গৰু কঢ়িয়াই নি থকা অৱস্থাত গাড়ীখন জব্দ কৰে আৰক্ষীয়ে।
- উৰিয়াগাঁও-ডিমৌ বাইপাচত জব্দ কৰা হৈছে গাড়ী খন।
- নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গৰুসহ জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে এ এছ ০১ চি চি ৮২৬০।
- গাড়ীখনৰ লগতে এজন লোকক আটক কৰিছে আৰক্ষীয়ে।
- আটকাধীন লোকজন গাড়ীখনৰ চালক।
- ২২ টা চোৰাং গৰু ভৰ্ত্তি ট্ৰাকখন শিৱসাগৰৰ পৰা আহিছিল।
- শিবসাগৰৰ পৰা মেঘালয়লৈ গৈ আছিল গাড়ীখন।
- নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে গাড়ীখন জব্দ কৰি বেবেজীয়া আৰক্ষীক গতাই দিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in