পিছুৱাব নেকি বিটিএডি নিৰ্বাচন? কি ক’লে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই…

পিছুৱাব নেকি বিটিএডি নিৰ্বাচন? কি ক’লে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বাবে বিটিএডিৰ নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা আছে নেকি? সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমত কোৰোনা ভাইৰাছৰ ত্ৰাস সৰ্বত্ৰে। তেনে পৰিস্থিতিত বিটিএডিত চলি আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

ৰাজ্যৰ অন্য প্ৰান্তত কোৰোনা ভাইৰাছৰ বাবে স্কুল-কলেজ, ব্যৱসায় প্ৰতিষ্ঠান, ৰাজহুৱা সমাগম আদিৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জাৰি কৰা হৈছে নিৰ্দেশনা। কিন্তু কোৰোনা ভাইৰাছৰ এই আতংকৰ মাজতো বিটিএডিৰ নিৰ্বাচনৰ বাবে সেই নিৰ্দেশনাসমূহ উক্ত অঞ্চলটোত কাৰ্যকৰী হোৱা নাই।

এনে প্ৰশ্নও উত্থাপন হৈছে যে, বিটিএডিৰ নিৰ্বাচনৰ বাবে অঞ্চলটোত কোৰোনা ভাইৰাছৰ প্ৰভাৱ নপৰিব নেকি? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এই সন্দৰ্ভত পোনপটীয়াকৈ জানিবলৈ যোগাযোগ কৰিছিল ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰৰ সৈতে।

কুমাৰক সোধা হৈছিল- সমগ্ৰ ৰাজ্যতে কোৰোনা ভাইৰাছৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেনে পৰিস্থিতিত বিটিএডি নিৰ্বাচনৰ তাৰিখ সলনি কৰাৰ সম্ভাৱনা আছে নেকি? এই প্রশ্নৰ উত্তৰত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ক'লে- এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে তেওঁ বিষয়টো ৰাজ্যিৰ সাংগঠনিক মুৰব্বী হিচাপে ৰাজ্যপালৰহে বিবেচনাধীন বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in