শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ভয়ংকৰ দৃশ্য! ২ নিয়ন্ত্ৰণহীন হাতী দৌৰিলে সহস্ৰাধিক লোকৰ মাজত, আহত ১৭জন… চাওঁক VIDEO

401

ডিজিটেল ডেস্কঃ শ্ৰীলংকাত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। এক উৎসৱত সহস্ৰাধিক মানুহৰ মাজেৰে দৌৰিলে দুটাকৈ হাতী।দৰাচলতে শ্ৰীলংকাৰ কলম্বোত বৌদ্ধ ধৰ্মৰ লোকসকলৰ এক উৎসৱ পালনৰ সময়ত দুটা হাতী নিয়ন্ত্ৰণহীন হৈ পৰে। হাতী দুটাই মানুহৰ মাজেৰে তীব্ৰ বেগত আগবাঢ়ি যোৱাত আহত হৈছে প্ৰায় ১৭জনকৈ লোক।

এটা হাতীৰ মাউত আৰু ১৩গৰাকী মহিলা এই ঘটনাত আহত হৈছে। শনিবাৰে কলম্বোত সংঘটিত হোৱা এই ঘটনাত কোনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। হাতীৰ বিশেষজ্ঞ জয়ন্ত জেৱাৰ্দিণীয়ে এই সন্দৰ্ভত কয় যে, হাতীটোক প্রশিক্ষণ দিয়া সময়চোৱাত ভালদৰে প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

তদুপৰি ৭০ বছৰীয়া এই হাতী দুটাই প্ৰায় বহু কিলোমিটাৰ পথ খোজকাঢ়িবলৈ বাধ্য কৰোৱা হৈছিল যাৰ বাবে সেই সময়ত এনেদৰে দৌৰি গুচি গৈছিল বুলি আন একাংশ লোকে সন্দেহ ব্যক্ত কৰিছে। উল্লেখ্য যে, তিনি বছৰ পূৰ্বেও এনেদৰে দুটা হাতী কলম্বোৰ এটা মন্দিৰত উৎসৱ পালনৰ সময়ত এনেদৰে দৌৰি গুচি যোৱা ঘটনা সংঘটিত হৈছিল। আৰু এজন নিহত হোৱাৰ লগতে ১২জনকৈ লোক আহত হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি