ৰে’লৰ চেপাত এটা মতা হাতীৰ কৰুণ মৃত্যু, দুটা আহতঃ পলাশবাৰীৰ কেইবাটাও অঞ্চলত ৰে’লৰ গতিবেগ কমোৱাৰ দাবী…

ৰে’লৰ চেপাত এটা মতা হাতীৰ কৰুণ মৃত্যু, দুটা আহতঃ পলাশবাৰীৰ কেইবাটাও অঞ্চলত ৰে’লৰ গতিবেগ কমোৱাৰ দাবী…

ডিজিটেল সংবাদ মিৰ্জাঃ কামাখ্যা-যোগীঘোপা ৰে'ল লাইনেৰে দ্ৰুতগতিত অহা এখন ৰে'লৰ চেপাত যোৱা ২৬ জানুৱাৰীৰ নিশা এটি মতা বন্যহস্তীয়ে কৰুণ মৃত্যুক আকোঁৱালি লোৱাৰ লগতে দুটি বন্যহস্তীয়ে আহত অৱস্থাত মিৰ্জাৰ মালিয়াটা বনাঞ্চললৈ গুচি যোৱা খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনা অনুসৰি পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পূ্ব কামৰূপ বন সংমণ্ডলৰ অধীনৰ উপাৰপাৰা, সোণতলা,গোসাইহাট, মেনাপাৰা,মাজকুছি, বটীয়াপাৰা,তাৰাপতি, কান্দুপুৰ,জগলীয়া, পাৰাকুছি, ৰঙামাটি আদি অঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছিল।

এনে সময়তে মিৰ্জাৰ মালিয়াটা পাহাৰত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাক যোৱা নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাত এটি মতা বন্যহস্তীয়ে ৰেলৰ চেপাত মৃত্যুক আকোৱালি লয়। এনে ঘটনাৰ পিছত বন্যহস্তীটো প্ৰত্যক্ষ কৰিবলৈ
ঘটনাস্থলীত লোকে লোকাৰণ্য হৈ পৰাই নহয় এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি চকুলো টুকে। সমবেত লোকে বন্যহস্তীটোক বহু গামোচা, ফুল, ধূপ জ্বলাই শেষ শ্ৰদ্ধা আৰু সেৱা জনায়।

ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া, ৰেল বিভাগ বিষয়া কৰ্মচাৰী উপস্থিত হৈ মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বন বিভাগৰ লোকে এক্সকেভেটাৰৰ সহায়ত ওচৰতে গাত খান্দি পুতি থয়। ঘটনাস্থলীত আছাম টাইগাৰ খ্যাত,আন্তৰ্জাতিক বন বিষয়া ধৰণীধৰ বড়োৱে উপস্থিত হৈ কয়,- উক্ত অঞ্চল যিহেতু বন্যহস্তীৰ কৰিডৰত পৰিণত হৈছে। গতিকে এই অঞ্চলত ৰে'লৰ গতি কমোৱাৰ বাবে চাইনব'ৰ্ড আৰি দিবলৈ ৰেল বিভাগ,বন বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী উত্থাপন কৰে।

উল্লেখ্য যে সঘনাই অঞ্চলটোত এইদৰে ৰে'লৰ চেপাত বন্যহস্তীয়ে মৃত্যুক আকোঁৱালি লোৱাই নহয় হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও ৰাজ্যৰ বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। তেনেক্ষেত্ৰত বন্যহস্তীৰ জাকৰ এই বন্যহস্তীয়ে কৰুণ মৃত্যুক আকোঁৱালি লোৱাত এইকেইদিন নিশা অঞ্চলটোত বন্যহস্তীয়ে তীব্ৰ উপদ্ৰৱ চলাব পাৰে বুলি ভাবি আশংকাত ভূগিছে গঞাই।

গুৰুত্বপূৰ্ণ কথা যে,দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী বাখালাপাৰা,জিমিৰিগাঁও,উমচুৰ আদি বিভিন্ন অঞ্চলত চলা বন ধ্বংস,ৰাণীৰ কেইবাঠাইত পাহাৰ খনন,অবৈধ শিলৰ কুৱেৰী স্থাপন আদিৰ বাবে তীব্ৰ সংকটত ভুগি এই বন্যহস্তীৰ জাক জনাঞ্চললৈ নামি আহিছে। ইয়াৰোপৰি অঞ্চলটোত বন্যহস্তীৰ অহা পথ বন্ধ কৰি ক্ৰেচাৰ মেচিন স্থাপন, বিভিন্ন নিৰ্মাণ কাৰ্য, গোসাইহাটত অহৰহ পাহাৰ খনন, পানীখাইটিজানত পাৱাৰ গ্ৰীড স্থাপন আদিৰ বাবে পলাশবাৰীত এই বন্যহস্তীৰ উপদ্ৰৱ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in