হাতী-মানুহৰ সংঘাত, মিৰ্জাত এজনৰ মৃত্যু…

হাতী-মানুহৰ সংঘাত, মিৰ্জাত এজনৰ মৃত্যু…
  • হাতী মানুহৰ সংঘাত অব্যাহত আছে।
  • যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমনত গোঁসাই হাত পিৰপাৰাত এজনৰ মৃত্যু।
  • মিৰ্জা মালিয়াটা পাহাৰৰ থকা  বনৰীয়া হাতীয়ে খাদ্যৰ বাবে হাবিৰ পৰা জনঅৰণ্যলৈ নামি আহি এজন লোকক ঘৰৰ চোতালৰ পৰা ধাঙি নি পথত মাৰে।
  • মৃত লোক জনৰ  অনিল বড়ো(৫৫)
  • মালিয়াটা পাহাৰত থকা বনৰীয়া হাতীয়ে দীৰ্ঘ দিন ধৰি বৃহত্তৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে।
  • যাৰ ফলত এনে ঘটনা  অঞ্চলটোত সঘনাই সংঘটিত হৈ আহিছে।
  • \যোৱা কেইমাহ মান আগতে এনে দৰে এজন লোকৰ মৃত্যু হৈছিল।তাৰ পৰাও কোনো শিক্ষা লোৱা দেখা নগল বনবিভাগৰ।
  • মালিয়াটা পাহাৰৰ বনৰীয়া হাতীৰ সন্ত্ৰাসত নিশা উজাগৰী নিশা কাটাই ,গোঁসাইহাত,পিৰপাৰা ,সোনতলা,মেনেপাৰা, তিনিআলি আদিকে ধৰি বৃহত্তৰ অঞ্চল বাসী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in