মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত কোৰোনা সজাগতা যাত্ৰা…..

মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামৰ উদ্যোগত কোৰোনা সজাগতা যাত্ৰা…..

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত দেওবাৰে মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত মঙ্গলদৈ চহৰত " কোৰোণা সজাগতা যাত্ৰা" শীৰ্ষক এক সজাগতা সভা আৰু সজাগতা ৰেলি উলিওৱা হয় । দেওবাৰ আৰু সোমাবাৰে দুদিনিয়া কৈ কৰোনা সজাগতা বাবে অনুস্থিত কৰিব বিচৰা এই সজাগতা কাৰ্যসূচীত দেওবাৰে ৰাতিপুৱা দহ বজাত মঙলদৈ চহৰৰ মাজমজিয়া ৰিপোজ চকত অনুস্থিত মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা সজাগতা সভাত ফৰামৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা লগতে জিলা উপয়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা ,মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞা লগতে মঙলদৈৰ জেষ্ঠ সাংবাদিক ক্ৰমে ভাৰ্গৱ দাস, মদন বৰুৱা, হোমেন কাকতি, গনেশ দত্ত সহ মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ সমুহ কৰ্ম কৰ্তা বিষয় ববিয়া আৰু সদস্য সকল উপস্থিত থাকে। অনুষ্টুপীয়া এই সজাগতা সভাত বক্তা সকলে কৰোনা মহামাৰী আৰু সাবধানতাৰ ওপৰত বক্তব্যৰে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰে লগতে মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ এই সজাগতা কাৰ্যসূচীক প্ৰশংসা কৰে।

"মাষ্ক পিন্ধক ,নিজৰ লগতে আনৰো জীৱন বচাওক , সামাজিক আৰু ব্যক্তিগত দুৰত্ব মানি চলক , সঘনে হাত ধুৱক নিজকে কোৰোণাৰ পৰা ৰক্ষা কৰক । বিশ্বৰ ভয়াবহ মহামাৰীৰ পৰা নিজৰ অঞ্চলটোক বচাওক" শ্লগানেৰে মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামে কোৰোনা সজাগতা যাত্ৰাত সজাগতা সভাৰ অন্তত মঙলদৈ চহৰত এক সজাগতা ৰেলি উলিওৱাই । এই সজাগতা ৰেলিত পদপথৰ পথাচাৰী ক কোৰোনা মহামাৰী ভয়াবহতাৰ সংক্ৰান্তত বুজোৱাৰ লগতে মাক্স বিতৰন কৰা হয়। চহৰ খনৰ দোকানী ব্যৱসায়ী ক কৰোনা মহামাৰী সংক্ৰান্তত লব লগা সাবধানতা লগতে মাক্স ব্যৱহাৰ নকৰা আৰু হাত নোলোৱাকৈ অহা গ্ৰাহকক সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনাই লগতে দোকানী ব্যৱসায়ী সকলকো মাক্স ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মাক্স বিতৰন কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in