গ্ৰাহকৰ মূৰত আকৌ মাধমাৰ, পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

গ্ৰাহকৰ মূৰত আকৌ মাধমাৰ, পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ ৰাজ্যৰ জনসাধাৰণৰ মূৰত ৰাম টাঙোন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ। বৃদ্ধি পাব বিদ্যুৎ মাচুল। পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰৰ শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৯.৯ শতাংশ মাচুল বৃদ্ধিৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে মাচুল বৃদ্ধিৰ এই প্ৰস্তাৱ দাখিল কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত। এই প্ৰস্তাৱৰ আধাৰতে নিয়ামক আয়োগে শুনানি অনুষ্ঠিত কৰি চূড়ান্ত অনুমোদন জনোৱাৰ পিছতে নৱবৰ্ষৰ আৰম্ভণিৰে পৰা বৃদ্ধি পাব এই মাচুল।

বৰ্তমান প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৰাজ্যবাসীয়ে আদায় দি আহিছে ৭.৩৬ টকা। এতিয়া এ পি ডি চি এলে প্ৰতি ইউনিটৰ বিপৰীতে বৃদ্ধি কৰিব খুজিছে ৭৪ পইচা, অৰ্থাৎ ৯.৯ শতাংশ। নতুন নিৰীখ কাৰ্যকৰী হ'লে গ্ৰাহকে বিদ্যুৎ মাচুল আদায় দিব লাগিব ৮.১০ টকা।

শক্তি বিভাগে ৫৯৮.৬৫ কোটি টকা লোকচান হোৱা বুলি দেখুৱাইয়ে এনেদৰে বিদ্যুতৰ দাম বৃদ্ধি কৰি গ্ৰাহকক মাধমাৰ শোধাইছে। উল্লেখ্য নিজে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰাৰ বাবে কেন্দ্ৰীয় প্ৰকল্প তথা বহিঃৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in