মৰিয়নীত বাসগৃহৰ ভিতৰেদি যায় বিদ্যুতৰ তাৰ,কোনে দিলে এই অনুমতি….

মৰিয়নীত বাসগৃহৰ ভিতৰেদি যায় বিদ্যুতৰ তাৰ,কোনে দিলে এই অনুমতি….

ডিজিটেল সংবাদ মৰিয়নি : অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যোৰহাট সংমণ্ডলত নামতহে আছে বিদ্যুৎ সুৰক্ষা বিভাগ। বিদ্যুৎ সুৰক্ষা আইন উলংঘা কৰি মৰিয়নিত একাধিক বাসগৃহ নিৰ্মান কৰাৰ পিছতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা বিদ্যুৎ সুৰক্ষা বিভাগে। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নাগাজাংকা উপ সংমণ্ডলৰ অন্তৰ্গত মৰিয়নি নগৰৰ কাণ্ডজ্ঞানহীণ একাংশ লোকে বিদ্যুৎ আইন উলংঘা কৰি বাসগৃহ নিৰ্মান কৰা পৰিলক্ষিত হৈছে। ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে, মৰিয়নি নগৰৰ এক নং ৱাৰ্ডৰ কেনেডি পাৰ্কত একংশ লোকে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী লাইনৰ একেবাৰে তলতে দুমহলীয়া বিল্ডিং নিৰ্মান কৰাৰ বিপৰীতে আন একাংশৰ বেলকনিৰ ভিতৰেদিয়ে বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ হৈ গৈছে। অনুৰুপ ধৰনে নগৰৰ দুই নং ৱাৰ্ডতো এনেদৰে নিৰ্মান কৰা হৈছে একাধিক বাসগৃহ। মৰিয়নি নগৰৰ কেনেডি পাৰ্কত এজন লোকে বিদ্যুৎ সুৰক্ষা আইন খনক ভৰিৰে মোহাৰি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাতোকে ঘৰৰ পোষ্ট হিচাপে ব্যৱহাৰ কৰি পকী বেৰ পৰ্যন্ত নিৰ্মান কৰিছে। কিন্তু বিদ্যুৎ বিভাগৰ এখন ইলেট্ৰিকচিটি চে'ফটি এক্ট বা বিদ্যুৎ সুৰক্ষা আইন থকাৰ পাছতো জীৱন আৰু সম্পতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি এনে কাৰ্য সংঘটিত কৰিবলৈ মৰিয়নী নগৰৰ এই সকল লোকে সাহস পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ভাৰতীয় ইলেক্ট্ৰিচিয়ান আইন ১৯৫৬/৭৯ আৰু ৮০ অনুসৰি উচ্চ বা নিম্ন ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ ওচৰত যি কোনো নিৰ্মান কাৰ্য্যৰ বাবে বিদ্যুৎ বিভাগৰ পৰা প্ৰয়োজনীয় অনুমতি লোৱাৰ প্ৰয়োজন। কিন্তু মৰিয়নীৰ এই সকল নাগৰিকে বিদ্যুৎ বিভাগৰ অনুমতি লোৱাৰ দুৰৈৰ কথা বিদ্যুৎ বিভাগক চুড়ান্ত ভাবে উপহাস কৰা লগতি অতি বিপদজনক ভাৱে বিদ্যুৎ পৰিবাহী খুটা ব্যৱহাৰ কৰি পকী বেৰহে নিৰ্মান কৰিছে।

এই সন্দৰ্ভত নাগাজাংকা বিদ্যুৎ উপ সংমণ্ডলৰ মাণ্ডলিক অভিযন্তা জ্যোতি প্ৰসাদ পেগুয়ে কয় যে এই সন্দৰ্ভত এই লোক সকলক কৈফিয়ৎ তলব কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখ্যযোগ্য যে, দুমাহ পূৰ্বে মৰিয়নি হোনোৱাল চাহ বাগিছা সমীপৰ গংগাপুৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী লাইনৰ তলত নৱনৰ্মিত এটা বাসগৃহত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিদ্যুৎ পৃষ্ঠ  হৈ কৰুণ ভাবে মৃত্যুক সাৱতি ল'ব লগা ঘটনা সংঘটিত হোৱা পাছতো সম্বিৎ ঘুৰি অহা নাই মৰিয়নীৰ একাংশ নাগৰিক আৰু বিদ্যুৎ বিভাগৰ। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in