বাৰানসীত কিয় সপোন ভাঙিছে প্ৰধানমন্ত্ৰী মোডীৰ…

বাৰানসীত কিয় সপোন ভাঙিছে প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত বাৰানসীক লৈ ভীষণ আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোৰ পৰা ২০১৪ৰ দৰে এইবাৰ বিশাল ভোটত জয়লাভ কৰাৰ সপোন দেখিছিল তেওঁ। পূৰ্বৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ তেওঁ বাৰনসীত অধিক ভোট লাভ কৰিব বুলি দাবী কৰি চলাইছিল নিৰ্বাচনী প্ৰচাৰ। অৱশ্যে ২০১৯ৰ লোকসভা নিৰ্বাচনত বাৰানসীত তেওঁ এখনো জনসভা সম্বোধন নকৰিলেও তেওঁৰ হৈ বিজেপিৰ প্ৰায় আটাইকেইগৰাকী ষ্টাৰ কেম্পেইনাৰেই প্ৰচাৰ চলোৱা দেখা গ'ল। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে বাৰানসীত বাহৰ পাতি জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই নৰেন্দ্ৰ মোডীক বিশাল ভোটত জয়ী কৰাই নিৰ্বাচনৰ ইতিহাসত ৰেকৰ্ড গঢ়াৰ পৰিকল্পনা ৰচিছিল।

আনকি সমষ্টিটোত এইবাৰ ভোটগ্ৰহণ কালত প্ৰতি ৫০ জন ভোটাৰৰ বিপৰীতে একোজনকৈ ব্যক্তিক নিয়োগ কৰা হৈছিল। যাতে তেওঁলোকে জনতাক ভোট কেন্দ্ৰলৈ লৈ আনিব পাৰে। নিৰ্বাচন আয়োগেও এইবাৰ জনতাক ভোটদানৰ প্ৰতি আহ্বান জনাই মডেল প'লিং বুথ, পিংক বুথৰ লগতে ভোটকেন্দ্ৰত শিশুৰ খেলা ধূলাৰ ব্যৱস্থা কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰা দেখা গ'ল।

বিজেপিৰ প্ৰতিজন মন্ত্ৰীয়েই বাৰানসীত নিৰ্বাচনী প্ৰচাৰ চলালে। প্ৰধানমন্ত্ৰীয়ে নিজে উপস্থিত নাথাকিলেও টিভি, পত্ৰৰ জৰিয়তে বাৰানসীবাসীক এটাই আহ্বান জনোৱা দেখা গ'ল- জনতাই যাতে তেওঁক এইবাৰ বিশাল ভোটত জয়ী কৰাই অভিলেখ ৰচে। পিছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছত এতিয়া সমষ্টিটোত প্ৰধানমন্ত্ৰীৰ সপোন কিমান দূৰলৈ সাৰ্থক হয়, তাক লৈ চৰ্চা চলা পৰিলক্ষিত হৈছে।

বাৰানসী লোকসভা সমষ্টিত এইবাৰ ২০১৪ পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ ১.৩৮ শতাংশ হ্ৰাস পাইছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ ভোটদানৰ হাৰ আছিল ৫৮.৩৫ শতাংশ। কিন্তু এইবাৰ ভোটদানৰ হাৰ হৈছে ৫৬.৯৭ শতাংশ। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮,০৪,৬৩৫ গৰাকী। ইয়াৰে ১০,২৮,০৬১ গৰাকী ভোটাৰে ২০১৯ৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰে। অৰ্থাৎ এইবাৰ সমষ্টিটোত ৭,৭৬,৫৭৪ গৰাকী ভোটাৰে বিভিন্ন কাৰণত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থকা দেখা গ'ল।

উল্লেখ্য যে, ২০১৪ চনত মোডীয়ে যেতিয়া প্ৰথমবাৰলৈ বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছিল তেতিয়া বাৰানসী বাসীৰ বাবে মোডীৰ ৰাজনৈতিক জীৱন শূণ্য আছিল। সেই সময়ত মোডীৰ ব্যক্তিত্বই বাৰানসী বাসীক আকৰ্ষিত কৰাৰ লগতে মোডীয়ে এয়া বিশ্বাস জন্মাবলৈ সক্ষম হৈছিল যে তেওঁ কেৱল প্ৰতিশ্ৰুতি প্ৰদানেই নকৰে, সেয়া পূৰণ কৰিবলৈও তেও বদ্ধ পৰিকৰ। মোডীৰ এনে ব্যক্তিত্ব আৰু ভাষণৰ বাবেই ২০১৪ চনত বাৰানসীবাসীয়ে সদলবলে ওলাই আহি ভোটদান কৰিছিল আৰু মোডীক জয়যুক্ত কৰাইছিল।

কিন্তু ২০১৯ চনত বাৰানসীবাসীৰ বাবে নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক জীৱন ৫ বছৰীয়া হৈ পৰিছে। বাৰানসীবাসীয়ে প্ৰত্যক্ষ কৰিছে মোডীৰ সফলতা বিফলতা। প্ৰায় ৪০ হাজাৰ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী মোডীৰ কিমান খন আঁচনি কাৰ্যকৰী হৈছে আৰু কিমানখন কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ আছে, সেয়াও বাৰানসীবাসীয়ে দেখিছে। মোডীৰ কোনবোৰ প্ৰতিশ্ৰুতি পূৰণ হ'ল, আৰু কোনবোৰ নহ'ল সেয়া হয়তো ২০১৯ত বাৰানসীবাসীয়ে উপলব্ধি কৰিছে। এনেবোৰ কাৰণতে ২০১৯ৰ লোকসভা নিৰ্বাচনত মোডীৰ এই সমষ্টিটোৰ ভোটাৰৰ ভোটদানৰ প্ৰতি অনীহা বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে। যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত মোডী জয়ী হ'লেও তেওঁ ভৱাৰ দৰে জয়ৰ ৰেকৰ্ড যে গঢ়িব নোৱাৰিব, সেয়া প্ৰায় নিশ্চিত।

আনফালে, ২০১৯ৰ লোকসভা নিৰ্বাচনত বাৰানসী লোকসভা সমষ্টিত মোডীৰ বিৰুদ্ধে এজনো শক্তিশালী প্ৰাৰ্থী নথকাৰ বাবেই সমষ্টিবাসীয়ে ভোটদানৰ প্ৰতি উৎসাহ প্ৰকাশ কৰা নাই। উল্লেখ্য যে, যোৱা ১৯ মে'ত সপ্তম পৰ্যায়ত বাৰানসীত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়। ভোট গ্ৰহণৰ অন্ত পৰাৰ পিছতে বিভিন্ন সংস্থাৰ এগজিট প'লৰ ফলাফলত পুনৰ এবাৰ কেন্দ্ৰত মোডী চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা প্ৰকাশ পালেও ২৩ মে'ত ভোটগণনাই নিশ্চিত কৰিব কাৰ জয় কাৰ পৰাজয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in