ফলাফল জনতাৰ হাতত! নিৰ্বাচনী প্ৰচাৰত মোডী নে ৰাহুল আগত…

ফলাফল জনতাৰ হাতত! নিৰ্বাচনী প্ৰচাৰত মোডী নে ৰাহুল আগত…

ডিজিটেল ডেস্কঃ অৱশেষত অন্ত পৰিল লোকসভা নিৰ্বাচন, ২০১৯ৰ নিৰ্বাচনী প্ৰচাৰ। ১৯ মে'ত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছতে ২৩ মে'ত প্ৰকাশ পাব কোনে চৰকাৰ গঠন কৰিব কেন্দ্ৰত। ২০১৯ৰ লোকসভা নিৰ্বাচনত কেইবাটাও ইছ্যুৰে শাসক-বিৰোধী উভয় পক্ষই যথেষ্ট আশাবাদী হৈ থকা পৰিলক্ষিত হৈছে। শাসকীয় বিজেপি দলে এইবাৰ ৩০০ ৰো অধিক আসনেৰে পূৰ্ণ বহুমত লাভ কৰাৰ দাবী উত্থাপন কৰাৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছেও নৰেন্দ্ৰ মোডী চৰকাৰক উফৰাই পেলোৱাৰ চেষ্টাৰে কেইবাটাও ইছ্যু হাতত লৈ জনতাৰ কাষ চাপিছে। আনফালে এই নিৰ্বাচনৰ কালছোৱাতে সৃষ্টি হৈছে নিৰ্বাচনকেন্দ্ৰিক কেইবাটাও বিক্ষিপ্ত ঘটনাৰ। বিশেষকৈ বিজেপিৰ ভূপাল সমষ্টিৰ প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰে নাথুৰাম গডছে সন্দৰ্ভত কৰা মন্তব্য, কলকতাত অমিত শ্বাহৰ ৰেলীত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে নিৰ্বাচনৰ সময়ত লাভ কৰিছে চৰ্চা।

নিৰ্বাচনী ফলাফল আন এক বিষয়, কিন্তু নিৰ্বাচনী প্ৰচাৰত কোন দল কিমান আগত? এই প্ৰশ্নৰ বিশ্লেষণ কৰিলে দেখা যায়, শাসকীয় দল বিজেপি আৰু মূল বিৰোধী দল কংগ্ৰেছৰ মাজত নিৰ্বাচনী প্ৰচাৰক লৈ চলিছে তুমুল প্ৰতিদ্বন্দ্বিতা। দুয়োটা দলৰ নেতা তথা ষ্টাৰ কেম্পেইনাৰেই দিন ৰাতি একাকাৰ কৰি চলাইছিল নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ এই কালছোৱাত কেইবাখনো ৰাজ্যত অহৰহ নিৰ্বাচনী প্ৰচাৰ চলাই দলক শক্তিশালী কৰাৰ চেষ্টা চলোৱা দেখা গৈছিল। অৱশ্যে জনসভা আৰু ৰেলীত অংশ লোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডী ৰাহুল গান্ধীতকৈ কিছু পৰিমাণে আগবাঢ়ি থকা দেখা যায়।

১৭ মে'ত সামৰণি পৰা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুঠ ১৪৪ খন জনসভা, ৰোড শ্ব'ত অংশ লয়। ২০১৪ৰ তুলনাত ২০১৯ৰ লোকসভা নিৰ্বাচনত মোডীৰ লহৰ স্তিমিত হৈ পৰাৰ বাবেই এইবাৰ মোডীয়ে কেইবাখনো ৰাজ্যত নিজেই নিৰ্বাচনী প্ৰচাৰ চলাই জনতাক পুনৰ এবাৰ আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা দেখা গৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে এইবাৰ সৰ্বাধিক নিৰ্বাচনী প্ৰচাৰ চলায় উত্তৰ প্ৰদেশত। বিজেপি শাসিত এই ৰাজ্যখনত মোডীয়ে মুঠ ৩৬ খন জনসভা সম্বোধন কৰে। উল্লেখ্য যে, এনডিএ মিত্ৰজোঁটৰ উত্তৰ প্ৰদেশত এইবাৰ বিজেপিয়ে মুঠ ৮০ খন আসনৰ ভিতৰত ৭৩ খনত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যখনত মোডীয়ে প্ৰতি ২.৩ খন আসনৰ বিপৰীতে এখনকৈ জনসভা সম্বোধন কৰি দলক শক্তিশালী কৰাৰ প্ৰয়াস কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ মমতা বেনাৰ্জীৰ শাসনাধীন পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত অধিক গুৰুত্ব প্ৰদান কৰে। ৰাজ্যখনত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সংঘাতৰ মাজতে মোডীয়ে ১৭ খনকৈ জনসভা সম্বোধন কৰে। উল্লেখ্য যে, পশ্চিম বংগৰ ৪২ খন লোকসভা আসনৰ মাত্ৰ দুখন আসনহে বিজেপিৰ দখলত আছে। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে এইবাৰ ৰাজ্যখনত বিজেপিক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰতি ২.৫ খন আসনৰ বিপৰীতে এখনকৈ জনসভা সম্বোধন কৰি বংগবাসীক আকৰ্ষিত কৰাৰ চেষ্টা চলায়।

২০১৯ৰ লোকসভা নিৰ্বাচনত ওড়িশাও বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈছে। কিয়নো বিজু জনতা দলৰ শাসনাধীন ওড়িশাৰ মুঠ ২১ খন আসনৰ ২০ খনেই আছে বিজু জনতা দলৰ দখলত। তাৰ বিপৰীতে মাত্ৰ এখন আসনহে ২০১৪ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল। সেইহেতু ৰাজ্যখনত বিজেপিৰ হৈ প্ৰতি ২.৬ খন আসনৰ বিপৰীতে এখনকৈ মুঠ ৮ খন জনসভা সম্বোধন কৰে মোডীয়ে।

লক্ষণীয় বিষয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু ওড়িশাতে সৰ্বাধিক ৰেলী অনুষ্ঠিত কৰা দেখা যায়। তেওঁ এইবাৰ অনুষ্ঠিত কৰা মুঠ ১৪৪ খন ৰেলীৰ ৫৮ খন অৰ্থাৎ ৪০ শতাংশই এই তিনি ৰাজ্যত অনুষ্ঠিত কৰে। এই ৩ খন ৰাজ্যৰ মুঠ লোকসভা আসনৰ সংখ্যা হৈছে ১৪৩ খন। এক সূত্ৰ অনুসৰি, বিজেপিয়ে এই ৩ ৰাজ্যত অধিক গুৰুত্ব প্ৰদান কৰাৰ কাৰণ হৈছে, এই ৩ ৰাজ্যতে বিজেপিৰ স্থিতি অধিক দুৰ্বল। বাকী অন্যান্য ৰাজ্যত বিজেপিৰ স্থিতি শক্তিশালী বুলিও দাবী এক বিজেপি সূত্ৰৰ।

আনহাতে ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে মুঠ ১২৫ খনকৈ নিৰ্বাচনী সভাৰে নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যতঃ তেওঁ উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু কেৰালাতে অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়।

উত্তৰ প্ৰদেশত ৰাহুল গান্ধীয়ে ৮০ টা সমষ্টিৰ বাবে প্ৰতি ৪.৫ খন আসনৰ বিপৰীতে এখনকৈ মুঠ ১৮ খন জনসভা সম্বোধন কৰে। বিশেষকৈ পূৰ্বাঞ্চলীয় উত্তৰ প্ৰদেশত ৰাহুল গান্ধীয়ে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে মিলি নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত কংগ্ৰেছে মাত্ৰ দুখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আমেঠি সমষ্টিৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বৰেলীৰ পৰা ছোনীয়া গান্ধীয়ে জয়লাভ কৰিছিল ২০১৪ত। যাৰ পৰিপ্ৰেক্ষিত উত্তৰ প্ৰদেশত ক্ৰমাৎ দুৰ্বল হৈ পৰা কংগ্ৰেছৰ স্থিতি পুনৰ শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী।

বিধানসভা নিৰ্বাচনত ৰাজস্থানত বিজেপিক পৰাজিত কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছে এইবাৰ ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে ৰাজ্যখনৰ ২৫ খন আসনৰ বাবে ১২ খন প্ৰচাৰ সভা অনুষ্ঠিত কৰি শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ ৰাজস্থানত প্ৰতি ২.০৮ খন আসনৰ বিপৰীতে এখনকৈ ৰেলী অনুষ্ঠিত কৰে।

২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে কেৰালাৰ বায়ানাড লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাক লৈ বিশেষ চৰ্চা চলিছিল। দক্ষিণৰ এই ৰাজ্যখনৰ সমষ্টিটোৰ পৰা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰি দক্ষিণ ভাৰতীয়ক এক বাৰ্তা প্ৰেৰণ কৰিব খোজা বুলি তেওঁ মন্তব্য কৰে। ২০খন আসনযুক্ত কেৰেলাত এইবাৰ ৰাহুল গান্ধীয়ে ১.৬৬ খন আসনৰ বিপৰীতে এখনকৈ মুঠ ১২ খন জনসভা সম্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। কেৰালাক লৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ যথেষ্ট আশাবাদী হৈ আছে।

ইয়াৰোপৰি ৰাহুল গান্ধীয়ে এইবাৰ মধ্যপ্ৰদেশত অনুষ্ঠিত কৰে ১০ খন ৰেলী। বিধানসভা নিৰ্বাচনত শেহতীয়াকৈ ৰাজ্যখনৰ শাসনভাৰ কংগ্ৰেছৰ হাতলৈ অহাৰ পিছত ৰাজ্যখনৰ লোকসভা নিৰ্বাচনক লৈও যথেষ্ট আশাবাদী হৈ আছে কংগ্ৰেছ।

লোকসভা নিৰ্বাচন. ২০১৯ত কাৰ মুখত হাঁহি বিৰিঙিব সেয়া ২৩ মে'ত নিশ্চিত হ'ব। কিন্তু নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ, বিজেপিৰ লগতে আন আন ৰাজনৈতিক দলসমূহ। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ দৰে ২০১৯ৰ লোকসভা নিৰ্বাচনত মোডীৰ লহৰ যদিও প্ৰত্যক্ষ হোৱা নাই তথাপিও ন ন প্ৰতিশ্ৰুতিৰে পুনৰ এবাৰ জনতাৰ কাষ চপাৰ চেষ্টা কৰিছে শাসকীয় দলটোৰ নেতাসকলে। তাৰ বিপৰীতে মোডীৰ ৫ বছৰীয়া শাসন কালত পূৰণ নকৰা প্ৰতিশ্ৰুতিসমূহৰে নতুন ইছ্যু বনাই, ন্যায় যোজনাৰ দৰে আঁচনিৰ প্ৰলোভনেৰে জনতাক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে কংগ্ৰেছেও। নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰতিশ্ৰুতিৰ বন্যাৰে কোন দলে এইবাৰ জনতাৰ হৃদয় জিনিব পাৰে, সেয়া জনতাই ইতিমধ্যে ৬ টা পৰ্যায়ৰ ভোটগ্ৰহণত ঠিৰাং কৰিছেই। বাকী ১৯ মে'ত অনুষ্ঠিত হ'বলগীয়া অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ইভিএমত বন্দী হ'ব মোডীৰ লগতে কেইবাগৰাকীও নেতাৰ ভাগ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in