শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO

391

ডিজিটেল ডেস্কঃ দেশ উদ্ধাৰ নহয়, ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল’বলৈ আহ্বান জনালে এটা ৰাজনৈতিক দলৰ নেতাই। মঙলবাৰে এক সভাত ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টীৰ অধ্যক্ষ উপেন্দ্ৰ কুশবাহাই দলৰ কৰ্মকৰ্তাসকলক এই আহ্বান জনায়। কুশবাহাই কয়, ‘পূৰ্বে বুথ লুণ্ঠনৰ ঘটনা ঘটিছিল। আজি ফলাফল লুণ্ঠনৰ চেষ্টা চলোৱা হৈছে। যি ধৰণে ইভিএম ভৰ্তি বাহন জব্দ হৈছে, ইয়াৰ পৰা জনতাৰ আক্ৰোশ বৃদ্ধই পাইছে।’

ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টীৰ অধ্যক্ষ গৰাকীয়ে দলৰ সমৰ্থকসকল উদ্দেশ্যি কয়, ‘ইভিএম ইফালৰ পৰা সিফাল কৰাৰ খবৰ কেইবাঠাইৰ পৰা লাভ কৰা হৈছে। এনে পৰিস্থিতিত যদি ইভিএম ৰক্ষা কৰিব লাগে, তেন্তে যদি প্ৰয়োজন হয় তেন্তে হাতত অস্ত্ৰও তুলি ল’ব লাগিব।’

উপেন্দ্ৰ কুশবাহাই কয়, ‘যিধৰণে দেশজুৰি ইভিএম ভৰ্তি বাহন জব্দ হৈছে, ইয়াৰ পৰা জনতাৰ আক্ৰোশ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু জনতাৰ এই ক্ষোভ এসময়ত নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিব। ইভিএম টেম্পাৰিঙৰ এনে ঘটনা ৰোধ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰ, প্ৰশাসন আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। কিন্তু এইসকল লোকেই যদি এনে কাম কৰে, তেতিয়া জনতা মনে মনে নাথাকে। মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলো মনে মনে বহি নাথাকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি