কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড…

কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই নিৰ্বাচনী হিংসা কঠোৰ হাতেৰে দমন কৰা হব বুলি ঘোষণা কৰাৰ পিছত কোকৰাঝাৰত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা । আৰক্ষী প্ৰশাসনক ভেঙুচালি কৰি বৃহস্পতিবাৰৰ নিশা ৯ নং বনৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দালোৱাবাৰী প্ৰাথমিক বিপিএফৰ কাৰ্যালয়টো দুৰ্ষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

সংবাদমাধ্যমৰ আগত বিপিএফৰ নেতা-কৰ্মীসকলে সদৰি কৰা অনুসৰি বৃহস্পতিবাৰৰ নিশা কাৰ্যালয় বন্ধ কৰি আন ঠাইত সভা কৰিবলৈ যাওঁতেই বিৰোধীপক্ষই তেওঁলোকৰ দুখনকৈ মটৰচাইকেলৰ ক্ষতিসাধন কৰাৰ লগতে বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰে । ইয়াৰোপৰি দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে আচবাব পত্ৰও ভাঙি পেলায় ।

নিৰ্বাচনীলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত কোকৰাঝাৰত আৰম্ভ হোৱা নিৰ্বাচনী হিংসাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ৯ নং বনৰগাঁও সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম এইবেলি কঠিন প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in