সাজু ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণ, হোৱাটছএপতেই নিৰ্বাচনৰ ফলাফল লাভ কৰিবলৈ কৰক এটা ‘ক্লিক’…

সাজু ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণ, হোৱাটছএপতেই নিৰ্বাচনৰ ফলাফল লাভ কৰিবলৈ কৰক এটা ‘ক্লিক’…

ডিজিটেল ডেস্কঃ সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে ২৩ মে'লৈ। কি হ'ব নিৰ্বাচনৰ ফলাফল। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল যাতে সঠিক আৰু শুদ্ধ ৰূপত ৰাইজে লাভ কৰে, তাৰ বাবে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে লৈছে বিশেষ পদক্ষেপ।

২৩ মে'ৰ পুৱা ৩.৩০ বজাৰ পৰা চূড়ান্ত ফলাফল ঘোষণা নোহোৱালৈকে অবিৰতভাৱে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত ৰাজ্যৰ লগতে দেশৰ সকলো খবৰ সঠিকভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছে। ডিজিটেল সংস্কৰণে নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ আৰু শুদ্ধভাৱে দিবলৈ সাজু কৰিছে ইতিমধ্যে বিভিন্ন স্থানত সাংবাদিকসকলক।

আন মাধ্যমৰ দৰে এই খবৰৰ মাজত নাথাকিব কোনো বিজ্ঞাপনৰ বিৰতি, নাথাকিব কোনো হৈ-হাল্লা আৰু কোনো আলোচনা। কেৱল বিশুদ্ধ ৰূপত শুদ্ধ আৰু সঠিক নিৰ্বাচনী ফলাফল অবিৰতভাৱে দিয়াৰ প্ৰয়াস কৰিব অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে।

ৰাজ্যত প্ৰথমবাৰৰ বাবে কোনো অনলাইন মিডিয়াত ক্ষীপ্ৰতাৰে পাব নিৰ্বাচন ২০১৯ৰ সঠিক খবৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ ৱেবছাইটচ- www.asomiyapratidin.in ত এই খবৰ উপলব্ধ হ'ব।

ইয়াৰোপৰি, ছ'চিয়েল মিডিয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামতো এই খবৰ মুহূৰ্ততে আপুনি লাভ কৰিব পাৰিব। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ নিৰ্বাচন তথা অন্যান্য খবৰ ফেচবুকত পাবৰ বাবে আপুনি অনুসৰণ কৰিব পাৰে তলৰ লিংকটোত-

https://www.facebook.com/asomiya.pratidin/

আৰু ইনষ্টাগ্ৰামত অসমীয়া প্ৰতিদিনৰ নিৰ্বাচনী খবৰৰ বাবে অনুসৰণ কৰক এই লিংকত-

ইয়াৰোপৰি, হোৱাটছএপযোগে আপুনি নিৰ্বাচনৰ মুহূৰ্তৰ খবৰ মুহূৰ্ততে লাভ কৰিবলৈ আন এক ব্যৱস্থা কৰিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে। আপুনি কেৱল হোৱাটছএপৰ তলত দিয়া লিংকটোত ক্লিক কৰি অসমীয়া প্ৰতিদিনৰ নিৰ্বাচনী খবৰ হোৱাটছএপ গ্ৰুপৰ সদস্য হ'লেই সেই গ্ৰুপৰ জৰিয়তে নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰতি মুহূৰ্ততে লাভ কৰি থাকিব। ২১ মে'ৰ পৰাই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে আৰম্ভ কৰিছে এই সেৱা। হোৱাটছএপযোগে আপুনি নিৰ্বাচনৰ খবৰ লাভ কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰি সদস্য হওঁক 'অসমীয়া প্ৰতিদিনৰ নিৰ্বাচন খবৰ'ৰ হোৱাটছএপ গ্ৰুপৰ। এই হোৱাটছএপ গ্ৰুপটোৰ সদস্য হ'বলৈ আপুনি ক্লিক কৰক তলৰ লিংক-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in