প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ ক’ত ক’ত চৰকাৰী বন্ধ?

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ ক’ত ক’ত চৰকাৰী বন্ধ?
  • পঞ্চায়ত নিৰ্বাচনৰ বাবে ৫ ডিচেম্বৰত বন্ধ থাকিব ৰাজ্যৰ ১৬খন জিলা আৰু ১১টা মহকুমা।
  • ৰাজ্য প্ৰশাসনে এক অধিসূচনাযোগে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে।
  • প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা জিলা কেইখন ক্ৰমে- তিনিচুকীয়া, ডিব্ৰুগড়,
  • শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও,
  • ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মৰিগাঁও, দৰং আৰু কামৰূপ (মহানগৰ)।
  • এই জিলাকেইখনৰ লগতে মাৰ্ঘেৰিটা, শদিয়া, নাজিৰা, তিতাবৰ, ধনশিৰি, বোকাখাত,
  • কলিয়াবৰ, জোনাই, গহপুৰ, ঢকুৱাখনা আৰু ৰঙিয়া মহকুমাটো বন্ধ ঘোষণা চৰকাৰৰ।
  • বন্ধ উপলক্ষে  উক্ত জিলা সমূহৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, চাহ বাগিছা আৰু উদ্যোগ আদি বন্ধ থাকিব।
  • ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ পুলিং আৰু প্ৰিজাইডিং অফিচাৰ।
  • বুধবাৰে পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • সোমবাৰৰ বিয়লি ৩ বজাৰ পৰা বুধবাৰৰ বিয়লি ৩ বজালৈ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাসমূহত বন্ধ থাকিব সুৰাৰ বিপনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in