ৰাজ্যত বিজয় মিচিল-ৰেলী বাহিৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে ইতিমধ্যে বহু কেইজন প্ৰাৰ্থী জয়ী হোৱাৰ খবৰ লাভ কৰা হৈছে। নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে জয়ী প্ৰাৰ্থীৰ বিষয়ে ঘোষণা কৰা নাই যদিও জয়ী হোৱাৰ তীব্ৰ সম্ভাৱনা থকা প্ৰাৰ্থীসকলৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ উৎসৱ দেখিবলৈ পোৱা গৈছে।

তাৰ মাজতে যোৰহাটকে ধৰি একাংশ স্থানত বিজয় মিচিল বাহিৰ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে, নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কোনো ধৰণৰ বিজয় মিচিল বা ৰেলী বাহিৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। কোৰোনাৰ সংক্ৰমণ যাতে বৃদ্ধি নাপাই তাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচন আয়োগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in