নিৰ্বাচনী আচৰণবিধিঃ ‘পি এম মোডী’ মুক্তিত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা

নিৰ্বাচনী আচৰণবিধিঃ ‘পি এম মোডী’ মুক্তিত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে বুধবাৰে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ সময়ত প্ৰদৰ্শন নিষিদ্ধ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবি প্ৰাইম মিনিষ্টাৰ নৰন্দ্ৰ মোডী। দেশত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ৰাজনৈতিক দল তথা ৰাজনৈতিক নেতাৰ বিষয়ে সন্নিৱিষ্ট হোৱা ছবিখন কোনো বৈদ্যুতিন মাধ্যমত প্ৰদৰ্শন নিষিদ্ধ কৰে নিৰ্বাচ আয়োগে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ছবিখন মুকলি কৰাৰ বাবে সকলো যাৱতীয় কাম কাজ ইতিমধ্যে সম্পূৰ্ণ কৰিছিল নিৰ্মাতাই। এজন কংগ্ৰেছ নেতাই নিৰ্বাচনৰ সময়ত ছবিখন প্ৰদৰ্শন কৰাৰ বাবে অনুমতি নিদিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। কংগ্ৰেছ কৰ্মীজনৰ এই আবেদনখন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ইফালে ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগেহে কোনো সিদ্ধান্ত ল'ব পাৰিব বুলি জনাইছিল উচ্চতম ন্যায়ালয়ে। তাৰ পিছতে নিৰ্বাচনী আচৰণবিধিৰ ওপৰত দৃষ্টি ৰাখি আয়োগে ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in